NORTHEAST NOW (Assamese)
অসম

চলিত বৰ্ষৰ স্বাধীনতা দিৱসত সকলোৱে ক’ৰ’না ভাইৰাছৰ পৰা স্বাধীন হোৱাৰ বাবে সংকল্পবদ্ধ হ’ব লাগিব : প্ৰধান মন্ত্ৰী

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 26, 2020 1:26 pm

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মন কী বাট অনুষ্ঠানত দেশৰ জনসাধাৰণক সম্বোধন কৰে।

মন কী বাট অনুষ্ঠানত প্ৰধান মন্ত্ৰী মোদীয়ে আগন্তুক স্বাধীনতা দিৱসক ৰাষ্ট্ৰৰ সকলো নাগৰিকে ক’ৰ’না ভাইৰাছৰ পৰা স্বাধীন হোৱাৰ বাবে সংকল্পবদ্ধ হ’ব লাগিব বুলি আহ্বান জনায়।

”মই প্ৰতিগৰাকী নাগৰিককে আহ্বান জনাও যে এইবাৰৰ স্বাধীনতা দিৱসত আমি ক’ৰ’না ভাইৰাছৰ পৰা স্বাধীন হোৱাৰ বাবে সংকল্পবদ্ধ হ’ব লাগিব,” প্ৰধান মন্ত্ৰী মোদীয়ে কয়।

আনহাতে, ক’ৰ’না মহামাৰীৰ পৰিপ্ৰেক্ষিতত চলিত বৰ্ষৰ স্বাধীনতা দিৱস পৃথক ধৰণে উদযাপন কৰা হ’ব বুলিও মোদীয়ে লগতে মত প্ৰকাশ কৰে।

তদুপৰি, প্ৰধান মন্ত্ৰীয়ে আত্মনিৰ্ভৰ ভাৰতৰ বাবেও দেশৰ নাগৰিকসকল দায়বদ্ধ হ’ব লাগিব বুলি উল্লেখ কৰি সকলোকে নিজা কৰ্তব্য পালনৰ জৰিয়তে নতুন নতুন উদ্ভাৱনৰ বাবে চেষ্টা চলায় যাব লাগিব বুলি মত পোষণ কৰে।

প্ৰধান মন্ত্ৰীয়ে লগতে ভাৰতত ক’ৰ’না ভাইৰাছৰ পৰা আৰোগ্য লাভৰ হাৰ অন্য দেশৰ তুলনাতকৈ ভাল বুলি কোৱাৰ বিপৰীতে জনসাধাৰণক ক’ৰ’না ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে সজাগ হৈ থকিবলৈ অনুৰোধ জনায়।