পিতৃহন্তাৰ বিৰুদ্ধে পাঁচ বছৰৰ সশ্ৰম কাৰদণ্ডৰ ৰায়দান আদালতৰ

গোলাঘাটৰ সত্ৰ ন্যায়াধীশ সত্যজিৎ খাউণ্ডৰ আদালতে অলপতে এজন পিতৃ হত্যাকাৰী অপৰাধীৰ বিৰুদ্ধে পাঁচ বছৰৰ সশ্ৰম কাৰদণ্ডৰ ৰায়দান কৰে।
আদালতৰ পৰা পোৱা তথ্য অনুসৰি উক্ত অপৰাধী জনৰ নাম টংকেশ্বৰ গগৈ।
জানিব পৰা মতে, ২০১৭ চনৰ ২০ জুলাইত উক্ত ব্যক্তিজনৰ বিৰুদ্ধে তেওঁৰ খুড়াক গোপাল গগৈয়ে বৰপথাৰ আৰক্ষী থানাত এক এজাহাৰ দাখিল কৰিছিল।
অভিযোগ অনুসৰি উক্ত দিনা দিনৰ প্ৰায় দুইমান বজাত টংকেশ্বৰ গগৈ আৰু তেওঁৰ মাতৃ ৰানুমণি গগৈয়ে ঘৰত ভাত খাই থকা অৱস্থাত ভুক্তভোগী তথা টংকেশ্বৰৰ পিতৃ গুণাৰাম গগৈয়ে এখন কপিদা লৈ দুয়োজনকে কাটিবলৈ আহে।
ইপিনে,ৰানুমণি গগৈয়ে প্ৰাণৰক্ষাৰ বাবে ওচৰৰ পথাৰলৈ দৌৰ মাৰে যদিও গুণাৰাম গগৈয়ে হাতত দালৈ খেদি গৈ উক্ত স্থানতে পত্নীৰ মূৰটো পথাৰৰ আলিত হেঁচা মাৰি ধৰি হত্যাৰ চেষ্টা কৰে।
তেনে অৱস্থাত তেওঁলোকৰ পুত্ৰ টংকেশ্বৰে মাতৃক ৰক্ষা কৰিবলৈ গৈ পিতৃৰ ডিঙিত দাৰে ঘপিওৱাত তেওঁৰ ঘটনাস্থলীতে মৃত্যু হয়।
প্রাপ্ত তথ্য অনুসৰি মৃত গুণাৰামে ইয়াৰ পূৰ্বেও পত্নী ,পুত্ৰৰ ওপৰত অত্যাচাৰ কৰি আহিছিল।
উক্ত ঘটনা সন্দৰ্ভত আৰক্ষী অনুসন্ধান আৰু আদালতে লাভ কৰা তথ্য, প্ৰমাণ আৰু সাক্ষ্যৰ ভিত্তিত গোচৰ নং ২২/১৭’ত ভাৰতীয় দণ্ডবিধিৰ ৩০৪ ধাৰাত আদালতে উক্ত শাস্তি ঘোষণা কৰে।
তদুপৰি, আচামীৰ বিৰুদ্ধে দুই হাজাৰ টকা জৰিমনা বিহিছে আৰু জৰিমনা অনাদায়ে অতিৰিক্ত এমাহৰ কাৰাবাসৰ নিৰ্দেশ দিছে।