NORTHEAST NOW (Assamese)
অসম

বৰ্ণবাদক গৰিহণা দি ডেমক্ৰেটিক পাৰ্টিৰ পৰা পদত্যাগ মাৰ্কিন ৰাষ্ট্ৰপতি পদৰ প্ৰাক্তন প্ৰাৰ্থী তুলসী গাবাৰ্ডৰ

Posted by: এন ই নাও নিউজ,গুৱাহাটী Updated by: এন ই নাও নিউজ,গুৱাহাটী October 13, 2022 4:57 pm

আমেৰিকাৰ ডেমক্ৰেটিক পাৰ্টিত এতিয়া বৃহৎ ফাঁট মেলা পৰিলক্ষিত হৈছে। দলটোৰ প্ৰভাৱশালী নেত্ৰী তুলসী গাবাৰ্ডে হঠাতে পদত্যাগ কৰাৰ কথাই এতিয়া মাৰ্কিন ৰাজনীতত জোকাৰণি তুলিছে। গাবাৰ্ড ২০২০ চনত ৰাষ্ট্ৰপতি পদৰ বাবে প্ৰতিদ্বন্দিতা কৰা প্ৰথম হিন্দু-আমেৰিকান প্ৰাৰ্থী আছিল।

গাবাৰ্ডে দলটোক ” অভিজাত দল” বুলি আখ্যা দি পদত্যাগ কৰিছে। যোৱা ২০ বছৰ ধৰি আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰাক্তন কংগ্ৰেছী মহিলাগৰাকী দলটোৰ এগৰাকী অন্যতম সদস্যা আছিল। “মই আৰু আজিৰ ডেম’ক্ৰেটিক পাৰ্টিত থাকিব নোৱাৰো। যিটো দল এতিয়া কাপুৰুষৰৰ দ্বাৰা পৰিচালিত হৈ আছে।

যিসকলে প্ৰতিটো বিষয়ক বৰ্ণবাদ কৰি আমাক বিভক্ত কৰে । গাবাৰ্ডে এটা ভিডিঅ’ত ‘বৰ্ণবাদ,’ শিৰোনাম দি ৰাজহুৱা কৰিছে। ভিডিঅ’টোত তেওঁ এইদৰে কয় : “আজিৰ ডেমক্ৰেটসকলে প্ৰতিটো বিষয়ক বৰ্ণবিদ্বেষ কৰি বিভক্ত কৰে আৰু আমাৰ সংবিধানত সন্নিবিষ্ট আমাৰ ঈশ্বৰ-প্ৰদত্ত স্বাধীনতাক ক্ষুণ্ণ কৰিবলৈ সক্ৰিয়ভাৱে কাম কৰি আছে। আজিৰ ডেমোক্ৰেটসকল বিশ্বাস আৰু আধ্যাত্মিকতাত বিশ্বাসী লোকসকলৰ প্ৰতি বিদ্বেষী হৈ পৰিছে। তেওঁলোকে আৰক্ষীক বিভ্ৰান্ত কৰে অপৰাধীসকলক সুৰক্ষা দিয়ে। সৰ্বোপৰি, আজিৰ ডেমক্ৰেটসকলে আমাক পাৰমাণৱিক যুদ্ধৰ পৰিবেশৰ মাজলৈ টানি নিছে”।