NORTHEAST NOW (Assamese)

আমচাঙত পুনৰ আজিৰ পৰা আৰম্ভ উচ্ছেদ অভিযান

November 27, 2017 7:47 am · এন ই নাও নিউজ ব্যুৰো, গুৱাহাটী :
Updated: November 27, 2017 9:43 am
আমচাঙত উচ্ছেদৰ এটা দৃশ্য।

আজিৰ পৰা আমচাঙ অভয়াৰণ্যত আৰম্ভ হৈছে উচ্ছেদ অভিযান। এই অভিযানত যাতে কোনোধৰণৰ অনাকাংক্ষিত পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰশাসনে ১৫০০ আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ মোতায়েম কৰিছে। লগতে আছে ১৫টা হাতী আৰু বহুকেইখন এক্সকেভেটৰ। ইফালে উচ্ছেদ অভিযানৰ প্ৰতিবাদ কৰা আমচাং অঞ্চলত বাস কৰা লোকসকলে শিল্পগ্ৰামেৰে আমচাঙলৈ যোৱা পথত আৰক্ষী, অৰ্ধসামৰিক বাহিনীক বাধা প্ৰদানৰ চেষ্টা কৰে। উচ্ছেদৰ বিৰুদ্ধে সহস্ৰাধিক ৰাইজ ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে। ফলত মহানগৰীৰ নৱজ্যোতি নগৰত পৰিস্থিতি উত্তেজনাপূৰ্ণ হৈ পৰিছে। অৱশ্যে সেই বাধা নেওচি উচ্ছেদ অভিযান অৱ্যাহত ৰাখিছে প্ৰশাসনে। প্ৰশাসনে জনোৱামতে অহা ৩ দিন ধৰি আমচাঙ অভয়াৰণ্যখনত এই উচ্ছেদ অভিযান চলিব। প্ৰশাসনৰমতে অহা ৩০ নৱেম্বৰৰ ভিতৰত সম্পূৰ্ণৰূপে বেদখলমুক্ত হ’ব লাগিব আমচাঙ।উল্লেখযোগ্য যে উচ্ছেদিত অঞ্চলসমূহৰ ছাত্ৰ-ছাত্ৰী সকলৰ বছৰেকীয়া পৰীক্ষা চলি আছে। ফলত শিক্ষাৰ্থীসকল বেয়াকৈ ক্ষতিগ্ৰস্ত হ’ব।

শেহতীয়া বাতৰি মতে উচ্ছেদৰ বিৰোধিতা কৰি প্ৰতিবাদ কৰোঁতে প্ৰশাসনে লাঠীচালনা কৰাক তিনিগৰাকী মহিলা আহত হৈছে।

Related News