NORTHEAST NOW (Assamese)

আলফা নেতা দৃষ্টি অসমে লোৱা নাই জি এন এল এ’ৰ মুখ্য সেনাধ্যক্ষৰ দায়িত্ব : পৰেশ অসম

February 26, 2018 11:03 pm · এন ই নাও নিউজ

সংযুক্ত মুক্তি বাহিনী অসম (স্বাধীন)ৰ উপ মুখ্য সেনাধ্যক্ষ কৰ্নেল দৃষ্টি অসমে গাৰো বিদ্ৰোহী সংগঠন জি এন এল এ’ৰ মুখ্য সেনাধ্যক্ষ হিচাপে দায়িত্ব লোৱা নাই। সংবাদ মাধ্যমক আজি এই কথা জনালে আলফা(স্বা)ৰ মুখ্য সেনাধ্যক্ষ পৰেশ অসমে।

জি এন এল এ’ৰ মুখ্য সেনাধ্যক্ষ চ’হান ডি চিৰাৰ মৃত্যুৰ পিছতে দৃষ্টি অসমে এই দায়িত্ব লোৱা বুলি একাংশ সংবাদ মাধ্যমত বাতৰি প্ৰচাৰ হৈছিল।

জি এন এল এ’ৰ ‘অনুৰোধ ৰাখিব নোৱৰা বাবে দুখ প্ৰকাশ কৰি’ পৰেশ অসমে কয় যে ইতিমধ্যে আলফা (স্বা)ৰ উপ মুখ্য সেনাধ্যক্ষৰ দায়িত্বত থকা বাবে দৃষ্টি অসমে এই দায়িত্ব ল’ব নোৱাৰে।

গাৰো বিদ্ৰোহী সংগঠনটোৱে দৃষ্টিক এই ‘দায়িত্ব ল’বৰ বাবে আহ্বান’ জনাইছিল বুলি অৱগত কৰি পৰেশ অসমে আজি এটা টি ভি চেনেলক জনায় যে আলফাৰ ‘সংবিধানে’ অনুমতি নিদিয়া আৰু এজন অনা গাৰো লোকে গাৰো সংগঠনটোৰ দায়িত্ব লোৱাটো ‘গাৰো জাতিৰ বাবে অপমানজনক’ হ’ব বাবে আলফা নেতাজনে এই দায়িত্ব ল’বলৈ অপাৰগতা প্ৰকাশ কৰে।

জি এন এল এ’ৰ মুখ্য সেনাধ্যক্ষ চ’হান দি চিৰাৰ মৃত্যু ‘অপূৰণীয় ক্ষতি’ বুলি অভিহিত কৰি আলফা (স্বা)ৰ নেতাজনে কয় যে সংযুক্ত মুক্তি বাহিনী অসম (স্বাধীন)এ জি এন এল এ’ৰ ‘সৈনিকগণ’ আৰু ‘জনগণ’ক চিৰাৰ মৃত্যুত গভীৰ সমবেদনা জনাইছে।

জি এন এল এ’ক ভাতৃ সংগঠন বুলি উল্লেখ কৰি আলফা নেতাজনে কয় যে আলফা (স্বা) তেওঁলোকৰ কাষত আগতেও আছিল আৰু আগলেও থাকিব।

Related News