NORTHEAST NOW (Assamese)

আলফা (স্বাঃ)ই মুক্তি দিলে দীননাথ উপাধ্যায়ক : পৰিয়ালে কৰিছিল পৰেশ বৰুৱাৰ ফটো লৈ পূজা-অৰ্চনা

June 25, 2018 11:06 pm · মানস প্ৰতিম গগৈ
আলফা (স্বাঃ)ৰ কেম্পত সংগঠনটোৰ দ্বাৰা অপহৃত দীননাথ উপাধ্যায়ক দেখা গৈছে।

আজি আলফা (স্বাঃ)-এ যোৱা ৮ জুনত অপহৰণ কৰি নিয়া দীননাথ উপাধ্যায় ওৰফে গোপালক মুকলি দিছে বুলি খবৰ পোৱা গৈছে। এই খবৰে আজি জাগুন অঞ্চলত এক প্ৰকাৰৰ চাঞ্চল্য আৰু চেপা উত্তেজনাৰ সৃষ্টি কৰে।

অৱশ্য বাতৰি লেখা সময়লৈকে দীননাথক উপাধ্যায়ক আৰক্ষীয়ে উদ্ধাৰ কৰিব পৰা নাই। খবৰ অনুসৰি আলফা (স্বাঃ)ই জাগুনৰ ৱাৰা নামৰ গাওঁখনত উপাধ্যায়ক মুকলি কৰি দিছে। কিন্তু সেই গাওঁখনলৈ যাবলৈ খৰস্ৰোতা টিৰাপ নৈ পাৰ হৈ  জংঘলৰ মাজৰে ৩ কিঃ মিঃ হাবিয়নি লুংলুঙীয়া পথেৰে যাব লাগে, যিটো  অতি দুৰ্গম এক অঞ্চল। আৰক্ষীৰ এক সূত্ৰ পৰা পোৱ খবৰ অনুসৰি কাইলে  ৰাতিপুৱাহে উপাধ্যায়ৰ উদ্ধাৰ অভিযান চলাব সেনা-আৰক্ষীয়ে।

উল্লেখযোগ্য যে আলফা (স্বাঃ)-এ দীননাথক অপহৰণ কৰি নিয়াৰ পিছত ধন দাবী কৰি আহিছিল। আলফা (স্বাঃ)ই দীননাথে চাকৰি কৰা ক্ষুদ্ৰ চাহ বাগিচাখনৰ মালিক তিনিচুকীয়া জিলাৰ জাগুনৰ উজনি ফানেংস্থিত ব্যৱসায়ী ৰাধা চেতিয়ালৈও ফোন কৰি ধন দাবী কৰিছিল।

আনহাতে বিভিন্ন দল-সংগঠনকে ধৰি স্থানীয় ৰাইজ আৰু পৰিয়ালবৰ্গই দীননাথক মুকলি কৰি দিবলৈ আলফা (স্বাঃ)ক দাবী জনাই আহিছিল। লগতে ব্যৱসায়ী ৰাধা চেতিয়াৰ বিৰুদ্ধেও প্ৰতিবাদ সাব্যস্ত কৰি আহিছিল। আনকি দুৰ্ভগীয়া পৰিয়ালটোৱে আলফা (স্বাঃ)ৰ প্ৰধান পৰেশ বৰুৱাৰ ফটো লৈ পূজা-অৰ্চনা আৰু সেৱা কৰিও আৱেদন-নিৱেদন কৰিছিল দীননাথক মুক্তি দিবলৈ।

তাৎপৰ্য্যপূৰ্ণভাৱে ইয়াৰ মাজতে আলফা (স্বাঃ)ৰ শিবিৰৰ পৰাই দীননাথ উপাধ্যায়ৰ স্বীকাৰোক্তি সম্বলিত এটা ভিডিঅ’ প্ৰকাশ কৰিছিল আলফা (স্বাঃ)ই। এই ভিডিঅ’টোত দীননাথে তেওঁ আলফা (স্বাঃ)ৰ বিৰুদ্ধে ৰাধা চেতিয়া আৰু মাৰ্ঘেৰিটাৰ বিজেপিৰ বিধায়কৰ নিৰ্দেশত চোৰাংচোৱাগিৰি কৰিছিল বুলি স্বীকাৰ কৰিছিল। লগতে তেওঁৰ অপহৰণৰ বাবে এই দুজন ব্যক্তি দায়ী বুলি প্ৰকাশ কৰিছিল।

আনহাতে আজি দীননাথক মুক্তি দিয়াৰ খবৰে পৰিয়ালটোক আনন্দিত কৰিছে। অৱশ্যে সুস্থ শৰীৰেৰে তেওঁ ঘূৰি নহা পৰ্য্যন্ত বা সেনা-আৰক্ষীয়ে উদ্ধাৰ নকৰা পৰ্যন্ত এই চাঞ্চল্যকৰ অপহৰণ কাণ্ডৰ  উৎকণ্ঠা অব্যাহত থকাটো নিশ্চিত।

Related News