NORTHEAST NOW (Assamese)
অসম

ডুমডুমাৰ ব্যৱসায়ী হত্যাত জড়িত নহয় আলফা স্বাধীন

Posted by: এন ই নাও নিউজ May 19, 2018 12:40 pm
ulfa

শুকুৰবাৰে তিনিচুকীয়া জিলাৰ ৰূপাইচাইডিঙত কালি সন্ধিয়া হোৱা গুলীচালনাত দুজনকৈ লোক নিহত হোৱা ঘটনাত আলফা স্বাধীন জড়িত নহয় বুলি সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক বিবৃতিত প্ৰকাশ কৰিছে সংগঠনটোৱে।

আজি সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক বিবৃতিযোগে সংযুক্ত মুক্তি বাহিনী অসম (স্বাধীন)ৰ প্ৰচাৰ বিভাগৰ সচিব ৰুমেল অসমে কয়— ‘তিনিচুকীয়া জিলাৰ ৰূপাইচাইডিঙত কালি সন্ধিয়া সংঘটিত গুলীচালনাৰ ঘটনাৰ সৈতে আলফা স্বাধীন জড়িত নহয়।ৰাইজে কৰায়ত্ত কৰা ৰূপান্তৰ মৰাণৰ সৈতে আমাৰ সংগঠনৰ কোনো সম্পৰ্ক নাই। নিজকে আলফা স্বাধীনৰ সদস্য বুলি পৰিচয় দি ধন দাবী কৰি অহা লোকজনক ৰাইজে কৰায়ত্ত কৰাৰ বাবে আমি ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছো’।

উল্লেখযোগ্য যে কালি সন্ধিয়া প্ৰায় ৭.৩০ বজাত দুজন অচিনাক্ত ব্যক্তিয়ে মটৰচাইকেলেৰে আহি উদয় চান্দ আগৰৱালাৰ গেলামালৰ দোকানত উপস্থিত হৈ পিষ্টল উলিয়াই গুলীচালনা কৰিবলৈ ধৰে।ফলত দুজন লোক থিতাতে নিহত হয়।

নিহত হোৱা এজনক আৰক্ষীয়ে জিৎ বাৰ্মা বুলি চিনাক্ত কৰিছে আৰু তেওঁ দোকানখনৰ কৰ্মচাৰী বুলি জানিব পৰা গৈছে। আনহাতে আনজন নিহত লোকক বৰ্তমানলৈকে চিনাক্ত কৰিব পৰা হোৱা নাই।

ঘটনা সংঘটিত কৰাৰ লগে লগে দোকানখনৰ আন আন কৰ্মচাৰীসকলে গুলীচালনা সংঘটিত কৰা দুই যুৱকৰ মাজৰে ৰূপান্তৰ মৰাণ নামৰ এজনক কৰায়ত্ত কৰিবলৈ সক্ষম হয়। পাছত ধৃত যুৱকজনক আৰক্ষীক চমজাই দিয়ে ৰাইজে।

আনহাতে স্থানীয় একাংশ লোকে ঘটনা সংঘটিত হোৱা স্থানৰ পৰা মাত্ৰ কেইমিটাৰমানৰ দূৰত্বতে চিআৰপিএফ আৰু সেনাবাহিনীৰ ছাউনি থকাৰ পাছতো কেনেদৰে গুলীচালনাৰ ঘটনা সংঘটিত হ’বলৈ পালে বুলি প্ৰশ্ন উত্থাপন কৰিছে।

আনহাতে ঘটনা সংঘটিত হোৱাৰ এদিন পাছতে আলফা স্বাধীনে প্ৰকাশ কৰা বিবৃতিক লৈ এতিয়া সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ।