NORTHEAST NOW (Assamese)
অসম

জনজাতিকৰণৰ দাবীত বিজেপি চৰকাৰৰ বিৰুদ্ধে দিল্লীত টাইপাৰ প্ৰতিবাদ

Posted by: পার্শ্বজোতি গগৈ, শিৱসাগৰ Updated by: পার্শ্বজোতি গগৈ, শিৱসাগৰ March 15, 2022 4:33 pm
TAIPA protest

জনজাতিকৰণৰ দাবীত বিজেপি চৰকাৰৰ বিৰুদ্ধে দিল্লীত টাইপাই আজি তীব্ৰ প্ৰতিবাদ সাৱ্যস্ত কৰে।

বিজেপি চৰকাৰে টাই আহোমকে ধৰি ছয় জনগোষ্ঠীক জনজাতিকৰণ কৰাৰ নামত বাৰে বাৰে যি প্ৰতাৰণা কৰি আহিছে তাৰেই প্ৰতিবাদত আজি দিল্লীৰ যন্তৰ মন্তৰত টাই আহোম যুৱ পৰিষদ চমুকৈ টাইপাই এইদৰে প্ৰতিবাদ সাব্যস্ত কৰে।

লগতে পঢ়ক: মহানগৰীৰ গাড়ীগাঁওৰ দলবদ্ধ বলাৎকাৰৰ অভিযুক্ত এজনক গ্ৰেপ্তাৰ

এবছৰৰ ভিতৰত যদি বিজেপি চৰকাৰে ছয় জনগোষ্ঠীক জনজাতিকৰণ নকৰে তেন্তে বিজেপি চৰকাৰৰ বিৰুদ্ধে ধাৰাবাহিকভাৱে আন্দোলন গঢ়ি তুলিব বুলি সকীয়াই দিয়ে সংগঠনটোৱে।

টাইপাই লগতে ২০২৪ৰ লোকসভা নিৰ্বাচনত বিজেপিৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰাৰো হুংকাৰ দিয়ে।