NORTHEAST NOW (Assamese)
অসম

শীৰ্ষ চাহ জনজাতীয় নেতাৰ অসম জাতীয় পৰিষদত যোগদান

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ March 4, 2021 7:29 pm
WhatsApp Image 2021-03-04 at 5.41.55 PM

বিজেপিয়ে চাহ জনগোষ্ঠীয় এলেকাসমূহৰ সকলো ভোটাৰক নিজৰ ফলীয়া কৰিবলৈ সক্ষম হোৱা বুলি দাবী কৰি থকাৰ সময়তে আজি চাহ জনগোষ্ঠীয় কেইবা গৰাকী গুৰুত্বপূৰ্ণ নেতাই অসম জাতীয় পৰিষদত যোগদান কৰে।

দলৰ সভাপতি লুৰিণজ্যোতি গগৈৰ উপস্থিতিত আজি জাতীয় পৰিষদৰ মুখ্য কাৰ্যালয়ত আয়োজিত এখন সভাত সদৌ অসম চাহ জনজাতীয় ছাত্ৰ সন্থা (আটচা)ৰ কেন্দ্রীয় কাৰ্যনিবাহক সদস্য অজয় তাঁতী, সংগঠনটোৰ তেজপুৰ জিলা সমিতিৰ উপ-সভাপতি উইনষ্টন চোনা আৰু ৰঙাপানী শাখাৰ সাংগঠনিক সম্পাদক প্ৰলয় ইয়াল আৰু সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ শোণিতপুৰ জিলাৰ সাধাৰণ সম্পাদক প্ৰহ্লাদ তাঁতীয়ে অসম জাতীয় পৰিষদত যোগদান কৰে।

দলৰ সাধাৰণ সম্পাদক জগদীশ ভূঞা, উপ-সভাপতি বলেন ভৰালী আৰু প্ৰচাৰ সম্পাদক জিয়াউৰ ৰহমানৰ উপস্থিতিত আয়োজিত সভাখনত এন এছ ইউ আইৰ প্ৰাক্তন ৰাজ্যিক সভাপতি আব্দুল বাতেন শিকদাৰ আৰু পাথাৰকান্দি মণ্ডল কংগ্ৰেছৰ সভাপতি হাজী আব্দুল ৰব চৌধুৰীয়েও জাতীয় পৰিষদত যোগদান কৰে।

সভাৰ অন্তত নিজৰ চমু ভাষণত আটছাৰ সদ্য প্ৰাক্তন নেতা অজয় তাঁতীয়ে কয় যে বিজেপিয়ে মাত্ৰ ৩ হাজাৰ টকা বিলাই অসমৰ এক কোটি চাহ জনগোষ্ঠীয় লোকক কিনি পেলোৱা বুলি ভাবিছে। এইটোৱেই এইবাৰ তেওঁলোকৰ পৰাজয়ৰ মূল কাৰণ হ’ব।