NORTHEAST NOW (Assamese)
অসম

আড়ম্বৰপূৰ্ণ অনুষ্ঠানেৰে আৰম্ভ হ’ল প্ৰসন্ননাৰায়ণ চৌধুৰী সদৌ অসম একাংক নাট প্ৰতিযোগিতা

Posted by: এন ই নাও নিউজ December 28, 2017 1:18 pm
আড়ম্বৰপূৰ্ণ অনুষ্ঠানেৰে আৰম্ভ হ’ল প্ৰসন্ননাৰায়ণ চৌধুৰী সদৌ অসম একাংক নাট প্ৰতিযোগিতা

এক উছৱমুখৰ পৰিৱেশৰ মাজেৰে নলবাৰী হৰি মন্দিৰত বুধবাৰৰ পৰা চাৰিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হ’ল ত্ৰিশ সংখ্যক প্ৰসন্ননাৰায়ণ চৌধুৰী সদৌ অসম একাংক নাট প্ৰতিযোগিতা। মাধ্যম আন্দোলনৰ নেতা তথা সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক প্ৰসন্ননাৰায়ণ চৌধুৰীৰ সোৱঁৰণত নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাই নিৰবিচ্ছিন্ন ভাবে একাংক নাট প্ৰতিযোগিতা অনুষ্ঠিত কৰি আহিছে। নাট্য মন্দিৰৰ সন্মুখত আটক ধুনীয়াকৈ সজাই পৰাই লোৱা ছহিদ ভৱনৰ প্ৰাংগণত বহু সংস্কৃতি প্ৰেমীলোকৰ উপস্থিতিত নলবাৰী জিলা ছাত্ৰ সন্থাৰ সভাপতি গুণজ্যোতি পাঠক, শিক্ষক, চিকিৎসক, সাংবাদিক, শিল্পী মুঠ ৩০ গৰাকী বিশিষ্ট ব্যক্তিয়ে একেলগে ‘আছু’ৰ পতাকা উত্তোলন কৰে। পতাকা উত্তোলনস্থলীত এটা শিশুৰ দলে সমৱেত সংগীত পৰিৱেশন কৰে। তাৰ পিছতে ছহিদ তৰ্পণ কৰে নলবাৰী জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক অক্ষয় ডেকায়। ছহিদ বেদীত মাল্যাৰ্পণ কৰে ৰাতুল চন্দ্ৰ ডোকাই। প্ৰসন্ননাৰায়ণ চৌধুৰীৰ প্ৰতিকৃতিত মাল্যাৰ্পণ কৰে ‘আছু’ৰ প্ৰাক্তন ক্ৰীড়া সম্পাদক অমিয় বৰ্মনে। নিশা আঠ বজাত একাংক নাট প্ৰতিযোগিতা শুভাৰম্ভণি কৰে বিশিষ্ট অভিনেতা জয়ন্ত ভাগৱতীয়ে।

প্ৰতিযোগিতা পৰিচালনা সমিতিৰ সভাপতি ৰুবুল বৰ্মনৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি দীপাংক কুমাৰ নাথ, নলবাৰী জিলাৰ উপায়ুক্ত সঞ্জীৱ কুমাৰ দাস, আৰক্ষী অধীক্ষক হেমন্ত ভটাচাৰ্য উপস্থিত থাকে। এই অনুষ্ঠানতে এখন স্মৃতি গ্ৰন্থ উন্মোচন কৰা হয় আৰু বিশিষ্ট ওজাপালি শিল্পী বিচিত্ৰ ৰাজবংশী আৰু সংগীত শিল্পী কমলা দাসক সম্বৰ্ধনা জনোৱা হয়। উল্লেখনীয় যে এই বছৰৰ নাটক প্ৰতিযোগিতাত সৰ্বমুঠ ২৯টা নাট্য দলে অংশগ্ৰহণ কৰিব বুলি আয়োজক গোষ্ঠীয়ে আমাক জানিবলৈ দিয়ে।