NORTHEAST NOW (Assamese)
অসম

আৰক্ষীৰ অভিযানত হোজাইৰ ডবকাত বৃহৎ পৰিমাণৰ দেশী আৰু বিদেশী সুৰা জব্দ

Posted by: নিখিল মুন্দ্ৰা May 12, 2018 11:52 pm
Crusade Over ILLICIT LIQUOR TRADE

হোজাই জিলাত ভাৰতত তৈয়াৰী দেশী আৰু বিদেশী সুৰাৰ অবৈধ ব্যৱসায় উৎখাত কৰাৰ লক্ষ্যৰে হোজাই আৰক্ষীয়ে যোৱা তিনি মাহজুৰি ব্যাপক অভিযান অব্যাহত ৰাখি বহুকেইটা এনে অবৈধ ঘাটি উৎখাত কৰিবলৈ সক্ষম হৈছে।

আজি উপ-আৰক্ষী অধীক্ষক ভনিতা নাথৰ নেতৃত্বত ডবকা আৰক্ষীৰ এটি দলে হোজাই জিলাৰ ডবকা আৰক্ষী থানাৰ অন্তৰ্গত মাদেৰতুলি আৰু জাব্ৰাখোৱা অঞ্চলৰ কেইবাটাও ঘৰত তালাচী চলায়।

অভিযানৰ সময়ত আৰক্ষীৰ দলটোৱে ঘৰকেইটাত অবৈধভাৱে মজুত কৰি ৰখা বৃহৎ পৰিমাণৰ অবৈধ দেশী আৰু বিদেশী সুৰা জব্দ কৰে।

আৰক্ষীয়ে জব্দ কৰা অবৈধ সুৰাখিনি নিজৰ জিম্মাত লয়। আৰু গোটেই বিষয়টোকলৈ তদন্ত অব্যাহত আছে বুলিও জনায়।

উল্লেখ্য যে হোজাইত আই পি এছ বিষয়া অংকুৰ জৈনে আৰক্ষী অধীক্ষক আৰু ভনিতা নাথে উপ-আৰক্ষী অধীক্ষক হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰাৰ পিছৰে পৰা জিলাখনত বিদেশী সুৰা আৰু দেশীয় সুৰাৰ অবৈধ ব্যৱসায়ৰ বিৰুদ্ধে সফলতাৰে অভিযান চলাই কেইবাটাও ঘাটি উৎখাত কৰাৰ লগতে জিলাখনত এনে অবৈধ ব্যৱসায়ৰ সৈতে জড়িত ব্যৱসায়ীক নাকী লগাবলৈ সক্ষম হৈছে।

পৰৱৰ্তী সময়তো সুৰাৰ অবৈধ ব্যৱসায়ৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান চলাই যোৱা হ’ব বুলি আৰক্ষীৰ এক সূত্ৰই আমাক জানিবলৈ দিয়ে।