NORTHEAST NOW (Assamese)
অসম

ধুবুৰীত মাকক কাটি মাৰিলে যুৱকে

Posted by: মুকেশ কুমাৰ সিং May 12, 2018 11:33 pm

ধুবুৰী জিলাৰ কাচুখানা গাঁৱত ১১ মে’ৰ শেহনিশা নিজৰ মাককে হত্যা কৰিছে চাহ আলম নামৰ যুৱক এজনে।

জানিব পৰা মতে প্ৰায় ৩০ বছৰীয়া আলমে প্ৰায় ৫৫ বছৰীয়া মাক ফুলজান বিবিক চোকা অস্ত্ৰৰে আক্ৰমণ কৰাৰ ফলত মহিলাগৰাকীৰ থিতাতে মৃত্যু হয়।

গাঁৱৰ লোকে যুৱকজনক আটক কৰি আৰক্ষীক গতাই দিয়ে।