NORTHEAST NOW (Assamese)
অসম

চীনে বিচাৰি চলাথ কৰিছে দেশখনৰে এগৰাকী মহিলা ভাইৰ’লজিষ্ট লী মেঙক, কিন্তু কিয়?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 13, 2020 10:49 am
covid-19.1.751758

চীনৰ সেনাৰ লগতে চোৰাংচোৱাই বিচাৰি ফুৰিছে দেশখনৰে এগৰাকী মহিলা ভাইৰ’লজিষ্ট ডাঃ লী মেং য়ানক।

মহিলা ভাইৰ’ল’জিষ্ট গৰাকীক বিচাৰি চীনৰ সেনাই দেশখনৰ বিভিন্ন স্থানত আচম্বিতে চলাইছে তালাচী।

কিন্তু ক’তোৱেই সন্ধান পোৱাই নাই এইগৰাকী মহিলা ভাইৰ’লজিষ্টৰ।

সৌসিদিনালৈ চীনৰ চৰকাৰৰ নয়নৰ মণি হৈ থকা ভাইৰ’লজিষ্ট লী মেং য়ান এতিয়া চীনৰ বাবে মহা শত্ৰু।

কাৰণ সমগ্ৰ বিশ্বতে ত্ৰাসৰ সৃষ্টি কৰা ক’ৰ’ণা ভাইৰাছ সম্পৰ্কে বহু গোপন তথ্য ফাদিল কৰি দিছে।

এইগৰাকী মহিলা ভাইৰ’লজিষ্ট য়ানেই প্ৰথমবাৰৰ বাবে বিশ্ববাসীক জনাই দিছিল যে ক’ৰ’ণা ভাইৰাছ প্ৰকৃতিয়ে সৃষ্টি কৰা ভাইৰাছ নহয়।

এই ভাইৰাছ সৃষ্টি কৰা হৈছে চীনৰ ওহানৰ গৱেষণাগাৰত।

ওহানৰ গৱেষণাগাৰৰ পৰাই সমগ্ৰ বিশ্বত বিয়পি পৰিছে মাৰাত্মক ক’ৰ’ণা ভাইৰাছ।

ওহানৰ মাংসৰ বজাৰত প্ৰথমে এই ভাইৰাছৰ উপস্থিতি পোৱা গৈছিল বুলি উল্লেখ কৰি চীনৰ ভাইৰ’লজিষ্ট গৰাকীয়ে কৈছিল যে মাংসৰ বজাৰলৈ ভাইৰাছ আহিছিল পৰীক্ষাগাৰৰ পৰাই।

ব্ৰিটেইনৰ এটা টেলিভিছন চেনেলৰ ‘লুজ ৱমেন’ শীৰ্ষক অনুষ্ঠানত চীনা ভাইৰ’লজিষ্টগৰাকীয়ে ওহানৰ গৱেষণাগাৰতে ক’ৰ’ণা ভাইৰাছ সৃষ্টি কৰা হৈছিল বুলি প্ৰকাশ কৰাৰ পিছতে তেওঁৰ জীৱনলৈ আহি পৰে চৰম ভাবুকি।

ফলত আত্মগোপন কৰিবলৈ বাধ্য হয় তেওঁ।

শেহতীয়াকৈ পুনৰ কোনো এক অজ্ঞাত স্থানৰ পৰা মেং য়ানে প্ৰেৰণ কৰা এক ভিডিঅ’ত পুনৰ কৈছে যে ক’ৰ’ণা ভাইৰাছ সন্দৰ্ভত চীনে মিছা মাতি আহিছে,যাৰ পৰিণাম ভুগিবলগীয়া হৈছে সমগ্ৰ মানৱ জাতিয়ে।

চীনৰ কৰ্মকাণ্ডক তেওঁ সভ্যতাৰ বাবে অভিশাপ বুলিও কৈছে।