NORTHEAST NOW (Assamese)
অসম

ধনৰ বিনিময়ত আৰক্ষীৰ উপ-পৰিদৰ্শকৰ চাকৰি দিব বিচৰা প্ৰৱঞ্চক মনোজ তামুলীক গ্ৰেপ্তাৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 13, 2020 10:43 am
WhatsApp-Image-2020-09-13-at-9.15.50-AM

অসম আৰক্ষীত উপ-পৰিদৰ্শকৰ চাকৰি দিয়াৰ নামত টকা বিচাৰি প্ৰৱঞ্চনাৰ জাল পেলোৱা প্ৰৱঞ্চক মনোজ তামুলীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।

শনিবাৰে নিশা প্ৰৱঞ্চক মনোজ তামুলীক লখিমপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।

লখিমপুৰৰ পানীগাঁও আৰক্ষী থানাৰ অন্তৰ্গত আজাদৰ ৰাজখোৱা গাঁওৰ বাসিন্দা কীৰ্তি তামুলীৰ পুত্ৰ মনোজ তামুলী।

অসম আৰক্ষীৰ উপ-পৰিদৰ্শকৰ চাকৰিৰ বাবে ৪লাখ টকা বিচৰা এক বাৰ্তালাপৰ অডিঅ’ ক্লিপ ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছিল।

ইয়াৰ পাছতে অসম আৰক্ষীয়ে বিষয়টো সন্দৰ্ভত তৎপৰতা প্ৰদৰ্শন কৰি অভিযানত নামি পৰে।

আৰক্ষীয়ে বৰ্তমান প্ৰৱঞ্চক মনোজ তামুলীক জেৰা অব্যাহত ৰাখিছে আৰু এই ঘটনাৰ আঁৰত কোনো বৃহৎ চক্ৰ জড়িত আছে নেকি তাৰো অনুসন্ধান চলাইছে।

প্ৰৱঞ্চক মনোজ তামুলীক গ্ৰেপ্তাৰ কৰাৰ পাছত লখিমপুৰ আৰক্ষীয়ে টুইটাৰ যোগে এই গ্ৰেপ্তাৰৰ কথা জানিবলৈ দিয়ে।

আনহাতে, অসম  আৰক্ষীৰ আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তয়ো প্ৰৱঞ্চকজনৰ গ্ৰেপ্তাৰৰ কথা টুইটাৰত প্ৰকাশ কৰিছে।

তেওঁ আৰক্ষীৰ উপ-পৰিদৰ্শক নিযুক্তি প্ৰক্ৰিয়াত অসম আৰক্ষীক বদনাম কৰিবলৈ চেষ্টা চলোৱা বৰ্তমান ভাইৰেল হৈ পৰা অডিঅ’ ক্লিপৰ আঁৰৰ ব্যক্তিগৰাকীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা বুলি সদৰী কৰিছে।