NORTHEAST NOW (Assamese)
অসম

আৰক্ষীৰ জিম্মাত গোৱালপাৰাত প্ৰতিবন্ধী সন্তানক দলঙৰ তলত পেলাই অহা পিতৃ-মাতৃ

Posted by: এন ই নাও নিউজ June 20, 2018 5:05 pm
HandicapedBoy

গোৱালপাৰা জিলাৰ ৰংজুলিত ৰাষ্ট্ৰীয় ঘাইপথৰ এখন দলঙৰ তলত নিজৰ ৬ বছৰীয়া প্ৰতিবন্ধী সন্তানক পেলাই থৈ অহা মাক-দেউতাক চিলচাৰ ৰায় আৰু মনো ৰায়ক গোৱালপাৰা জিলা আদালতে আজি ২০ জুনত তিনিদিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰিছে।

কালি ১৯ জুনত গোৱালপাৰাত বোবা শিশুটি উদ্ধাৰ কৰাৰ পিছতে আবেলিলৈ বশিষ্ঠ আৰক্ষীয়ে গুৱাহাটীত তেওঁলোকক আটক কৰিছিল। আজি দুয়োকে গোৱালপাৰা জিলা আদালতত হাজিৰ কৰোৱা হৈছিল।

সম্প্ৰতি নলবাৰীৰ শিশু কল্যাণ কেন্দ্ৰৰ তত্ত্বাৱধানত আছে দুৰ্ভগীয়া শিশুটি।

ধূপধৰা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীয়ে জানিবলৈ দিয়া মতে আৰক্ষীয়ে তাৎক্ষণিকভাৱে শিশুটিক গোৱালপাৰাৰ শিশু কল্যাণ কেন্দ্ৰলৈ প্ৰেৰণ কৰিছিল। কিন্তু গোৱালপাৰাৰ শিশু কল্যাণ কেন্দ্ৰত বিশেষভাৱে সক্ষম শিশুৰ বাবে ব্যৱস্থা নথকাৰ বাবে শিশুটিক নলবাৰীলৈ স্থানান্তৰ কৰা হয়।

ঘটনাটো সন্দৰ্ভত প্ৰতিবন্ধী সুৰক্ষা সংস্থাৰ সাধাৰণ সম্পাদক নৃপেন মালাকাৰে বশিষ্ঠ থানাত ১৯ জুনত এক এজাহাৰ দাখিল কৰিছিল।

বশিষ্ঠ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া নৱজিৎ দাসে ১৯ জুনত নৰ্থ ইষ্ট নাও-ক জনোৱা মতে আটকাধীন পিতৃ-মাতৃদ্বয়ৰ আচল ঘৰ বিহাৰত আৰু তেওঁলোকে দীৰ্ঘদিন ধৰি মহানগৰীৰ ঘোঁৰামাৰাত বসবাস কৰি আহিছে। তেওঁলোকৰ সন্তানটো প্ৰতিবন্ধী হোৱা বাবেই মটৰচাইকেলেৰে লৈ গৈ তেনেদৰে পেলাই থৈ অহা বুলি আৰক্ষীৰ জেৰাত প্ৰকাশ কৰা বুলি ভাৰপ্ৰাপ্ত বিষয়াগৰাকীয়ে নৰ্থ-ইষ্ট নাওক জানিবলৈ দিছিল।