NORTHEAST NOW (Assamese)
অসম

আৰ এছ এছৰ নেতা কৃষ্ণগোপালৰ মন্তব্যৰ ব্যাপক প্ৰতিক্ৰিয়া ছ’চিয়েল মিডিয়াত

Posted by: এন ই নাও নিউজ February 11, 2018 4:28 pm
gopal_1

যোৱা ১১ ফেব্ৰুৱাৰিত গুৱাহাটী বিশ্ববিদ্যালয়ত অনুষ্ঠিত এখন সভাত কৃষ্ণগোপাল নামৰ এজন আৰ এছ এছৰ নেতাই অসমৰ জাতীয় জীৱনত অতি সন্মানৰ আসনত থকা দুজন ব্যক্তি ক্ৰমে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু বিশ্ববিশ্ৰুত সংগীতজ্ঞ ড০ ভূপেন হাজৰিকা সন্দৰ্ভত দিয়া উদ্ভট মন্তব্যৰ ব্যাপক প্ৰতিক্ৰিয়া অব্যাহত আছে ছ’চিয়েল মিডিয়াত।

ছ’চিয়েল মিডিয়াত বিভিন্ন জনে অসমীয়াৰ স্বাভিমানত আঘাত কৰি এই মন্তব্য দিবলৈ কৃষ্ণগোপাল কোন বুলি প্ৰশ্ন উত্থাপন কৰাৰ লগতে অনুষ্ঠানটোত উপস্থিত ‘জাতীয় নায়ক’ মুখ্য মন্ত্ৰীয়ে কিয় মুখেৰে মাত এষাৰো নামাতিলে বুলিও প্ৰশ্ন কৰিছে।

আনহাতে এই অনুষ্ঠানটোৰ আঁৰৰ মানুহ ননীগোপাল মহন্তকো সমালোচনাৰে থকা-সৰকা কৰা হৈছে ছ’চিয়েল মিডিয়াত। ননীগোপাল মহন্তই গুৱাহাটী বিশ্ববিদ্যালয়ৰ শিক্ষাত গেৰুৱা ৰং সানিব খুজিছে বুলিও ছ’চিয়েল মিডিয়াত অভিযোগ কৰা হৈছে।

উল্লেখযোগ্য যে ১১ ফেব্ৰুৱাৰিত হোৱা জ্ঞান সংগম নামৰ এটা অনুষ্ঠানত আৰ এছ এছৰ কৃষ্ণগোপাল নামৰ এজন ব্যক্তিয়ে শংকৰদেৱ অসমৰ কথা লিখা নাছিল, যি লিখিছে ভাৰতৰ কথাহে লিখিছে বুলি মন্তব্য কৰিছিল। একেদৰে ব্যক্তিজনে ড০ ভূপেন হাজৰিকায়ো গংগাৰ কথাহে কৈছিল বুলি আজৱ মন্তব্য কৰিছিল। এই অনুষ্ঠানটোত সেই সময়ত ৰাজ্যখনৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালো উপস্থিত আছিল। আনহাতে অনুষ্ঠানটোৰ গুৰি ধৰোঁতা হিচাপে আছিল বিশ্ববিদ্যালয়খনৰ এজন অধ্যাপক ননীগোপাল মহন্ত।

এই বিতৰ্কিত মন্তব্যৰ পিছত ৰাজ্যজুৰি বিভিন্ন দিশৰ পৰা তথা বিভিন্ন দল-সংগঠনৰ পৰা প্ৰতিক্ৰিয়া আহে। বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজৰ পৰাও বিষয়টোত প্ৰতিক্ৰিয়া কৰা দেখা গৈছিল। আছু, তাই আহোম যুৱ পৰিষদে কৃষ্ণগোপাল নামৰ ব্যক্তিজনক ক্ষমা খুজিবলৈ দাবী জনায়। আনহাতে ননীগোপাল মহন্তক বৰ্জন কৰিবলৈও তাই আহোম যুৱ পৰিষদে আহ্বান জনাইছিল। নিজৰ কেৰিয়াৰৰ গ্ৰাফ ওপৰলৈ নিয়াৰ স্বাৰ্থতে ননীগোপাল মহন্তই এইবোৰ কৰি আছে বুলিও অভিযোগ উত্থাপন কৰিছে বিভিন্নজনে।