NORTHEAST NOW (Assamese)
নেপাল

২ মেৰ পৰা নেপালত অনুষ্ঠিত হ’ব জলসিঞ্চন আৰু জলনিষ্কাশন সম্পৰ্কীয় এছিয়ান আঞ্চলিক সন্মিলন

Posted by: এন ই নাও নিউজ February 11, 2018 5:23 pm
Representational image of Kathmandu

চলিত বছৰৰ মে মাহৰ ২ তাৰিখৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে ৮ম সংখ্যক জলসিঞ্চন আৰু জলনিষ্কাশন সম্পৰ্কীয় এছিয়ান আঞ্চলিক সন্মিলনখন নেপালত অনুষ্ঠিত হ’ব।

জলসিঞ্চন আৰু জলনিষ্কাশন সম্পৰ্কীয় এছিয়ান আঞ্চলিক সন্মিলনখন নেপাল চৰকাৰৰ জলসিঞ্চন বিভাগ আৰু আন্তৰ্জাতিক জলসিঞ্চন আৰু জলনিষ্কাশন আয়োগৰ উদ্যোগত অনুষ্ঠিত কৰা হৈছে। দেশখনত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ’ব এই গুৰুত্বপূৰ্ণ সন্মিলনখন।

লক্ষ্যণীয় যে বিভিন্ন ঠাইৰ পৰা বিজ্ঞানী, গৱেষক, শিক্ষাবিদ আৰু জলসিঞ্চন আৰু জলনিষ্কাশনৰ চৰকাৰী বিষয়া তথা জল সম্পদৰ বিষয়া সহিতে প্ৰায় ৬০০ প্ৰতিনিধিয়ে সন্মিলনখনত অংশগ্ৰহণ কৰিব।

আইচিআইডিৰ উপসভাপতি মাধৱ বেলবেচে জানিব দিয়ে, ‘বিভিন্ন দেশ তথা ঠাইৰ পৰা আহিবলগীয়া প্ৰতিনিধি সকলৰ মাজত এই বিষয়ত ভাবৰ আদান প্ৰদান হ’ব তথা বিশ্বৰ বাবে চিন্তনীয় সমস্যা জল সম্পদৰ বিষয়ে আলোচনা কৰাৰ উদ্দেশ্যে এই সন্মিলনখনৰ আয়োজন কৰা হৈছে’।

উল্লেখ্য যে আয়োজকসকলে এই সন্মিলনত ‘সেউজ বিপ্লৱৰ সমৰ্থনত জলসিঞ্চন’ শীৰ্ষক থীম এটি লৈ আলোচনা কৰিব। এই আলোচনাত ভাৰতৰ জল সম্পদ, নদী উন্নয়ন আৰু গংগা পুনৰুজ্জীৱিতকৰণৰ মন্ত্ৰী নীতিন গাডকাৰীক বিশিষ্ট অতিথি হিচাপে আমন্ত্ৰণ জনাব।

ভাৰতৰ সৈতে জল সম্পদৰ সমস্যাক লৈ আলোচনা কৰিবলৈ এই সন্মিলনখনে গুৰুত্বপূৰ্ণ বৰঙণি আগবঢ়াব বুলিও বেলবেচে জানিবলৈ দিয়ে।

এই সন্মিলনতে ২২খন দেশৰ বি দ্বান লোকে জলসিঞ্চন, ইক’চিষ্টেম চাৰ্ভিছ তথা বিভিন্ন বিষয়ত ১০০খনৰো অধিক পেপাৰ উপস্থাপন কৰিব বুলি আয়োজকে জানিবলৈ দিয়ে।