NORTHEAST NOW (Assamese)
অৰুণাচল

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে কাইলৈ ইটানগৰত আপছুৰ উদ্যোগত নেছ’ৰ প্ৰতিবাদ

Posted by: এন ই নাও নিউজ May 20, 2018 1:55 pm
Citizenship

নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ক লৈ অসমকে ধৰি সমগ্ৰ উত্তৰ- পূৰ্বাঞ্চলত বিভিন্ন দল- সংগঠনে প্ৰতিবাদ অব্যাহত ৰখাৰ মাজতে কাইলৈ অৰুণাচল প্ৰদেশত সদৌ অৰুণাচল প্ৰদেশ ছাত্ৰ সন্থাৰ উদ্যোগত নেছ’ই প্ৰতিবাদী কাৰ্যসূচীৰ আহ্বান জনাইছে।

বহু বিতৰ্কিত এই বিধেয়কখনে উত্তৰ- পূৰ্বাঞ্চলৰ খিলঞ্জীয়া লোকৰ অস্তিত্বৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে বুলি প্ৰকাশ কৰি সদৌ অৰুণাচল প্ৰদেশ ছাত্ৰ সন্থাৰ উদ্যোগত নেছ’ই কাইলৈ ইটানগৰৰ আইজি পাৰ্কত পুৱা ৯.৩০ বজাত প্ৰতিবাদ সাব্যস্ত কৰিব।

উল্লেখযোগ্য যে যোৱা ১১ মে’ত গুৱাহাটীত অনুষ্ঠিত নেছ’ৰ কাৰ্যকৰী সভাত গ্ৰহণ কৰা সিদ্ধান্ত মৰ্মে অৰুণাচলত এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হৈছে।

সদৌ অৰুণাচল প্ৰদেশ ছাত্ৰ সন্থা চমুকৈ আপছুই প্ৰতিবাদী কাৰ্যসূচীত সহযোগ কৰিবলৈ সকলো জিলা ছাত্ৰ সন্থা, ৰাজনৈতিক দল, বেচৰকাৰী সংস্থা আদিক মুকলি আহ্বান জনাইছে।

উল্লেখযোগ্য যে পৰৱৰ্তী সময়ত আপছুই নেছ’ৰ উদ্যোগত প্ৰতিবাদী কাৰ্যসূচী চলাই যাব বুলিও লগতে ঘোষণা কৰিছে।

প্ৰসংগক্ৰমে উল্লেখযোগ্য যে অৰুণাচল প্ৰদেশত চাকমা আৰু হাজং শৰনাৰ্থীক নাগৰিকত্ব দিয়াক লৈ প্ৰতিক্ৰিয়া অব্যাহত থকাৰ মাজতে কেন্দ্ৰীয় চৰকাৰৰ নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ৰ বিৰুদ্ধে আপছুৰ প্ৰতিবাদী কাৰ্যসূচী যথেষ্ট তাৎপৰ্যপূৰ্ণ।