NORTHEAST NOW (Assamese)
অসম

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ৪৪ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

Posted by: কাজী জেইদুল ইছলাম,বিশ্বনাথ Updated by: কাজী জেইদুল ইছলাম,বিশ্বনাথ March 12, 2022 1:56 pm
অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ৪৪ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

আজি বিশ্বনাথ চাৰিআলিৰ সাহিত্য সভা ভৱনত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বিশ্বনাথ জিলা সমিতিৰ উদ্যোগত তথা সমূহ আঞ্চলিক সমিতিৰ সহযোগত সংগঠনটোৰ  ৪৪ তম প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয় ।

পুৱা পতাকা উত্তোলন কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ জিলা সভাপতি কমলজিৎ দত্তই ।

ইয়াৰ পিছত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় উপদেষ্টা পুলক বৰাই শ্বহীদ তৰ্পণ কৰাৰ পিছত এখন সভাৰ আয়োজন কৰা হয় ।

এই অনুষ্ঠানত উপস্থিত থাকে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ উপদেষ্টা পুলক বৰা , বিশ্বনাথ জিলাৰ সভাপতি কমল জিৎ দত্ত , জিলাৰ সাধাৰণ সম্পাদক দিগন্ত বৰা সহ কেন্দ্ৰীয়, আঞ্চলিক আৰু জিলাৰ শাখা সমিতিসমূহৰ বহু কেইজন বিষয়ববীয়া ।