NORTHEAST NOW (Assamese)
অসম

টীয়কৰ চহা কৃষকে আজি উদযাপন কৰিছে নাঙল বিহু

Posted by: নিৰ্মলেন্দু পাঠক Updated by: নিৰ্মলেন্দু পাঠক April 18, 2021 12:19 pm
tezpur-university

আজি নাঙল বিহু । বিজ্ঞানৰ জয় জয়কাৰ তথা চমৎকাৰী উদ্ভাৱনে সমাজ জীৱনলৈ আনিছে আমূল পৰিৱৰ্তন ।

বাদ পৰি ৰোৱা নাই কৃষি ক্ষেত্ৰও ।

কৃষি ক্ষেত্ৰত নাঙলৰ গুৰুত্ব অপৰিসীম । কিন্তু বিজ্ঞানৰ প্ৰভাৱত কৃষিক্ষেত্ৰতো নাঙলৰ পৰিবৰ্তে আহিল টেক্টৰ,পাৱাৰ টিলাৰ । বিলুপ্তিৰ পথত নাঙল ।

কিন্তু যোৰহাট জিলাৰ টীয়কৰ বনাই বাৰেঘৰৰ অজিত বৰুৱা নামৰ এজন চহা খেতিয়কে এতিয়াও অব্যাহত ৰাখিছে নাঙলেৰে খেতি কৰা কাৰ্য ।

যাৰ বাবে বৰুৱাই আজি নাঙল বিহু দিনা পুৱাই নাঙল পূজা কৰে । নাঙলক নোৱাই-ধুৱাই,ধূপ-ধূনা জ্বলাই সাজু হয় কৃষি কাৰ্যৰ বাবে ।

পৰম্পৰা বৰ্তাই ৰাখি চহা খেতিয়ক জনে প্ৰতি বছৰে এই ধাৰা অব্যাহত ৰাখিছে বুলি জানিবলৈ দিছে ।