NORTHEAST NOW (Assamese)
অসম

এদিনতে কোভিডত আক্ৰান্ত ২ লাখ ৬১ হাজাৰৰো অধিক লোক, মৃত্যু ১৫০১ গৰাকী লোকৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 18, 2021 11:09 am
india-covid-1

ক’ৰ’নাৰ সংহাৰ দুৰন্ত গতিত অব্যাহত আছে। বিগত ২৪ ঘণ্টাত দেশত ক’ৰ’ণা আক্ৰান্ত ৰোগীৰ সংখ্যা ২ লাখ ৬১ হাজাৰৰো অধিক হৈছে। ২৪ ঘণ্টাত ক’ৰ’নাত আক্ৰান্ত লোকৰ সংখ্যা হৈছে ২ লাখ ৬১ হাজাৰ ৫০০ গৰাকী।

দেশত কোনোমতে নিয়ন্ত্ৰণত আনিব পৰা হোৱা নাই কৰ’নাৰ সংক্ৰমণ। কৰ’নাত আক্ৰান্তৰ সংখ্যা তীব্ৰ গতিত বৃদ্ধি পাইছে। যোৱা ২৪ ঘন্টাত ভাৰতত কৰ’না আক্ৰান্তৰ সংখ্যাই দেশৰ পূৰ্বৰ সকলো অভিলেখ ভংগ কৰিছে।

সংক্ৰমণ ৰোধৰ বাবে কেইখনমান ৰাজ্যত জাৰি কৰা হৈছে নিশাৰ সান্ধ্য আইন। আনকি মহাৰাষ্ট্ৰত জাৰি কৰা হৈছে জনতা কাৰ্ফিউ।

সেইদৰে যোৱা ২৪ ঘন্টাত কৰ’নাত মৃত্যু হৈছে ১৫০১ জন লোকৰ।

এতিয়ালৈকে দেশত মুঠ কৰ’না আক্ৰান্তৰ সংখ্যা হৈছে ১ কোটি ৪৭ লাখ ৮৮ হাজাৰ ১০৯ গৰাকী লোক।

সেইদৰে স্বাস্থ্য মন্ত্ৰ্যালয়ৰ তথ্য অনুসৰি দেশত মুঠ মৃত্যুৰ সংখ্যা ১ লাখ ৭৭ হাজাৰ ১৫০ গৰাকী।

আনহাতে, বিগত ২৪ ঘন্টাত দেশত ১ লাখ ৩৮ হাজাৰ ৪২৩ গৰাকী লোকে কৰ’নাৰ পৰা আৰোগ্য লাভ কৰিছে।

দেশত এতিয়ালৈকে মুঠ ১ কোটি ২৮ লাখ ৯ হাজাৰ ৬৪৩ গৰাকী লোকে কৰ’নাৰ পৰা আৰোগ্য লাভ কৰিছে।

সেইদৰে, দেশত মুঠ সক্ৰিয় ৰোগীৰ সংখ্যা হৈছে ১৮ লাখ ১ হাজাৰ ৩১৬ গৰাকী।

ইপিনে, দেশত এতিয়ালৈকে মুঠ ১২ কোটি ২৬ লাখৰো অধিক লোকক ভেকচিন প্ৰদান কৰা হৈছে।