NORTHEAST NOW (Assamese)

ইটানগৰত ফাডামপা ফোডৰাঙৰ আধাৰশিলা স্থাপন মুখ্য মন্ত্ৰী খাণ্ডুৰ

June 25, 2018 10:00 pm · ডেমিয়েন লেপছা

আজি অৰুণাচলৰ মুখ্য মন্ত্ৰীয়ে ইটানগৰত ফাডামপা ফোডৰাঙৰ আধাৰশিলা স্থাপন কৰে। আধাৰশিলা স্থাপন অনুষ্ঠানত মুখ্য মন্ত্ৰীগৰাকীৰ উপৰিও উপস্থিত আছিল গৃহ ৰাজ্য মন্ত্ৰী কিৰেন ৰিজেজু, আৰ ডব্লিউ ডি সংসদীয় সচিব জাম্বে টাৱাং, বিধায়ক টেৰিং টাছি আৰু ড০ ৰিক্য লাভো ৰিনপোচে।

ফোড্ৰাং অৰ্থাৎ মনপা মন্দিৰটো দক্ষিণ ভাৰতৰ ১০ম শতিকাৰ বৌদ্ধ ভিক্ষু ফাডমা ছাংগেৰ প্ৰতি উৎসৰ্গিত। তেওঁ অৰুণাচলৰ লউ গাওঁৰ মাজেৰে তিব্বতলৈ যাত্ৰা কৰিছিল।

মুখ্য মন্ত্ৰীয়ে তেওঁৰ ভাষণত কয় যে ভিক্ষুগৰাকীয়ে এই মন এলেকালৈ অহা আৰু তেওঁৰ শিক্ষাক সংৰক্ষণ কৰাৰ বাবে এই মন্দিৰটো নিৰ্মাণ কৰা হ’ব। ইয়াতে ভিক্ষুগৰাকীৰ এটা সোণেৰে মেৰুওৱা পিতলৰ ৬ফুট ওখ মূৰ্তিও নিৰ্মাণ কৰা হ’ব।

মূৰ্তিটো নিৰ্মাণ কৰিব ড০ ৰিক্য ৰিনপোচে।ৰাজ্যিক গৃহ মন্ত্ৰী আৰু ড০ ৰিক্য ৰিনপোচেও অনুষ্ঠানত বক্তব্য ৰাখিছিল।

এই অনুষ্ঠানতেই ৰাজ্যিক গৃহ মন্ত্ৰী কিৰেন ৰিজেজুৱে ড০ ৰিক্য ৰিনপোচেৰ দ্বাৰা লিখা পিতৃ-মাতৃৰ মৰমৰ পৰিশোধ কৰাৰ উপদেশ (Advice on repaying the kindness of parents)উন্মোচন কৰে।

তাৰ পাছত মুখ্য মন্ত্ৰী আৰু বিশিষ্ট লোকসকলে বৌদ্ধ ভিক্ষুগৰাকীৰ আঁঠুটো খোদিত থকা শিলটো দৰ্শন কৰে।

ইয়াৰ পূৰ্বে মুখ্য মন্ত্ৰীগৰাকীয়ে জাগদা জানত এখন ষ্টিলৰ দলং উদ্বোধন কৰে আৰু লউৰ আন্তঃগাঁথনি উন্নয়নৰ এটা অধাৰশিলা স্থাপন কৰে।

Related News