NORTHEAST NOW (Assamese)
অসম

ঐতিহাসিক : কেন্দ্ৰীয় চৰকাৰৰ মধ্যস্থতাকাৰীৰ সৈতে একেলগে বহিল এন ডি এফ বিৰ দুই গোট

Posted by: এন ই নাও নিউজ June 25, 2018 10:37 pm
ndfb-570x320

আজি এটা ঐতিহাসিক ঘটনাত নতুন দিল্লীত প্ৰথমবাৰৰ বাবে বড়ো বিদ্ৰোহী সংগঠন আৰু ভাৰত চৰকাৰৰ মাজত চলি থকা পৃথক বড়োলেণ্ডৰ আলোচনা প্ৰক্ৰিয়াত এন ডি এফ বি (প্ৰ) আৰু এন ডি এফ বি (ৰ) এই দুয়োটা গোটে একেলগে বৈঠকত বহে। কেন্দ্ৰীয় চৰকাৰৰ মধ্যস্থতাকাৰী এ বি মাথুৰৰ সৈতে এই দুয়োটা গোটে একেলগে বহাটোক বিপুলভাৱে আদৰণি জনাইছে সমগ্ৰ বড়ো ৰাইজে। এন ডি এফ বি (প্ৰ)ৰ হৈ বৈঠকত উপস্থিত থাকে সাধাৰণ সম্পাদক গোবিন্দ বসুমতাৰী আৰু এন ডি এফ বি (ৰ)ৰ সভাপতি ৰঞ্জন দৈমাৰী ওৰফে ডি আৰ নাবলা।

আলোচনাৰ অন্তত এন ডি এফ বিৰ দুয়োটা গোটে কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিধিনিজনক দাবী চনদ প্ৰদান কৰে।

এই দাবী চনদত পৃথক বড়ো ৰাজ্য গঠনেই দুয়োটা গোটৰ মূল দাবী বুলি জানিবলৈ দিয়ে।

উল্লেখযোগ্য যে সুদীৰ্ঘ তিনি বছৰৰ মূৰত এই আলোচনা প্ৰক্ৰিয়াটোৰ বৈঠক অনুষ্ঠিত হৈছে। আটাইকেইটা পক্ষই বৈঠকখন ইতিবাচক আৰু ফলদায়ী বুলি জানিবলৈ দিয়ে।

“সুদীৰ্ঘ তিনি বছৰৰ বিৰতিত আমি মধ্যস্থতাকাৰীৰ সৈতে পুনৰ বহিলো। আমি আমাৰ দাবীবোৰ উত্থাপন কৰিবলৈ পাই সুখী আৰু চৰকাৰেও আমাৰ দাবীবোৰ মনোযোগেৰে শুনিলে।… তেওঁলোকে কয় যে তেওঁলোকে বিষয়বোৰ বিবেচনা কৰি চাব।” নৰ্থ-ইষ্ট নাওৰ আগত এইদৰে এন ডি এফ বি (প্ৰ)ৰ সাধাৰণ সম্পাদক জি বসুমতাৰীয়ে।

মন কৰিব লগীয়া যে মধ্যস্থতাকাৰী হিচাপে দায়িত্ব লোৱাৰ পিছতে এ বি মাথুৰে নিজেই এই বৈঠকখনৰ আয়োজন কৰিছিল।

আনহাতে প্ৰথমবাৰৰ বাবে মধ্যস্থতাকাৰী এবি মাথুৰৰ সৈতে হোৱা এই বহু প্ৰতীক্ষিত আলোচনাক আদৰণি জনাই তথা আলোচনা ফলপ্ৰসূ হোৱাৰ কামনাৰে কালি সন্ধিয়া কোকৰাঝাৰ চহৰত হাতে হাতে জোঁৰ লৈ সমদল উলিয়াইছিল বড়ো ৰাইজে।