NORTHEAST NOW (Assamese)
অসম

১৫ অক্টোৱৰত ছবি গৃহলৈ আহিব প্ৰধানমন্ত্ৰী মোডীৰ জীৱনকলৈ নিৰ্মাণ কৰা বায়’পিক

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 10, 2020 3:37 pm
a modi

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ জীৱনৰ বহু ঘাত-প্ৰতিঘাত তথা সাফল্যৰ গাথাৰে নিৰ্মাণ কৰা বায়’পিক পুনৰ ছবি গৃহত মুক্তি দিয়া হ’ব।

২০১৯ চনৰ মাজ ভাগত ছবি খন মুক্তি দিয়া হৈছিল যদিও সেই সময়ত চীনকে ধৰি বিশ্বৰ বিভিন্ন দেশত ক’ৰ’ণাতংকই গা কৰি উঠাত ভাৰতৰ ছবি ঘৰ সমূহো বন্ধ কৰি দিয়া হৈছিল।

ফলত মোডীৰ জীৱনকলৈ নিৰ্মাণ কৰা ছবি খন চোৱাৰ সৌভাগ্য বহুতৰে হোৱা নাছিল।

শেহতীয়াকৈ যিহেতু দেশৰ ছবি ঘৰ সমূহ খোলাৰ বাবে কেন্দ্ৰীয় চৰকাৰে নিৰ্দেশনা জাৰি কৰিছে সেয়ে ছবি খন আকৌ এবাৰ দেশৰ ছবি ঘৰ সমূহত মুক্তি দিয়াৰ সিদ্ধান্ত লৈছে প্ৰযোজকে।

নৰেন্দ্ৰ মোডীৰ জীৱনকলৈ নিৰ্মাণ কৰা ছবি খন পৰিচালনা কৰিছে অমুংগ কুমাৰে।

ছবি খন পুনৰ মুক্তি দিয়াৰ প্ৰসংগত পৰিচালক কুমাৰে কয় যে ছবি খন নিৰ্মাণ কৰাৰ ক্ষেত্ৰত ছবি খনৰ সৈতে জৰিত সকলোৱে বহু কষ্ট স্বীকাৰ কৰিবলগীয়া হৈছিল।

অতিমাৰীৰ বাবে ছবি খন দৰ্শকৰ কাষ চপাত অসুবিধা হ’ল যদিও এতিয়া পুনৰ ছবি খন মুক্তি দিয়াৰ সিদ্ধান্ত লোৱা হৈছে।

মোডীৰ জীৱনকলৈ নিৰ্মাণ কৰা ছবি খনত মোডীৰ চৰিত্ৰত অভিনিয় কৰিছে অভিনেতা বিবেক আনন্দ অবেৰয়ে।

ছবি খনত অভিনয় কৰা আন কেইগৰাকীমান শিল্পী হৈছে ক্ৰমে জেৰিনা ৱাহাব,মনোজ যোশী,প্ৰশান্ত নাৰায়ণ,বোমান ইৰাণী,দৰ্শন কুমাৰ,অঞ্জন শ্ৰীবাস্তৱ,ৰাজেন্দ্ৰ গুপ্তা আদি।