NORTHEAST NOW (Assamese)

ইণ্ডিয়া টুডে পৰ্যটন বঁটাৰ বাবে মনোনীত জুকু ভেলী, নামচাই, আইজল

April 1, 2018 1:27 pm · এনই নাও নিউজ

উত্তৰ- পূববাসীৰ বাবে এক সুখবৰ। দেশৰ আগশাৰীৰ সংবাদ প্ৰতিষ্ঠান হিচাপে খ্যাত ইণ্ডিয়া টুডেৰ পৰ্যটন বঁটাৰ বাবে নিৰ্বাচিত হৈছে নাগালেণ্ডৰ জুকু ভেলী, ছিকিমৰ নামচাই আৰু মিজোৰামৰ আইজল।

উল্লেখযোগ্য যে দঃসাহসিক পৰ্যটনস্থলী হিচাপে কেৱল সমগ্ৰ দেশতে নহয়, বৰং বিশ্বজুৰি চৰ্চা লাভ কৰিবলৈ সক্ষম হোৱা জুকু ভেলীৰ নৈসৰ্গিক পৰিৱেশৰ বাবে পৰ্যটকৰ মাজত অতিকৈ জনপ্ৰিয়।

সেয়েহে ভাৰতৰ তিনিখন শীৰ্ষ ‘এডভেনন্সাৰ ট্ৰেভেল ডেষ্টিনেশ্যন’ৰ ভিতৰত জুকু ভেলীয়ে স্থান লাভ কৰাটো যথেষ্ট গুৰুত্বপূৰ্ণ।

উল্লেখযোগ্য যে একেটা শিতানতে জুকু ভেলীৰ সৈতে স্থান লাভ কৰিবলৈ সক্ষম হৈছে বিহাৰৰ বাল্মিকী ৰাষ্ট্ৰীয় উদ্যান আৰু উত্তৰাখণ্ড ঋষিকেশৰ হোৱাইট ৱাটাৰ ৰাফটিঙে।

প্ৰসংগক্ৰমে উল্লেখযোগ্য যে ইণ্ডিয়া টুডেই তেওঁলোকৰ পাঠক সকলৰ ভোটৰ ভিত্তিত বছৰটোৰ শ্ৰেষ্ঠ পৰ্যটনস্থলী নিৰ্বাচিত কৰি উক্ত স্থলী সমূহক সন্মান জনাই আহিছে।

দেশৰ আগশাৰীৰ সংবাদ মাধ্যম সমূহৰ মাজত অন্যতম হিচাপে খ্যাত ইণ্ডিয়া টুডেৰ সমীক্ষাত উত্তৰ- পূবৰ তিনিখন পৰ্যটনস্থলীয়ে স্থান লাভ কৰিবলৈ সক্ষম হোৱা বিষয়টোৱে স্বাভাৱিকতে আনন্দিত কৰি তুলিছে সকলোকে। ইয়াৰ জৰিয়তে দেশৰ বিভিন্ন প্ৰান্তৰ লোকে উত্তৰ- পূবৰ পৰ্যটনস্থলী সমূহৰ সৈতে চিনাকি হোৱাৰ সুযোগ লাভ কৰিবলৈ সক্ষম হ’ব বুলি আশা কৰা হৈছে।

 

Related News