NORTHEAST NOW (Assamese)
Popular Stories

ইণ্ড’ তিবেতান ব’ৰ্ডাৰ পুলিচৰ বাবে অৰুণাচল প্ৰদেশত ‘য়াক প্ৰতিপালন আৰু পৰিচালনা’ প্ৰশিক্ষণ

Posted by: এন ই নাও নিউজ February 9, 2018 5:02 pm
yak management

ইণ্ড’ তিবেতান ব’ৰ্ডাৰ পুলিচ (ITBP) জোৱানৰ বাবে ৮ ফেব্ৰুৱাৰিৰ পৰা অৰুণাচল প্ৰদেশৰ পশ্চিম কামেং জিলাত এক য়াক প্ৰতিপালন প্ৰশিক্ষণ কাৰ্য্যসূচী অনুষ্ঠিত হৈছে।

‘য়াক প্ৰতিপালন আৰু পৰিচালনা’ শীৰ্ষক এই কাৰ্য্যসূচীটোৰ আয়োজন কৰিছে ভাৰতীয় কৃষি গৱেষণা পৰিষদ-ৰাষ্ট্ৰীয় য়াক গৱেষণা কেন্দ্ৰ (ICAR-NRC)ই। অৰুণাচল প্ৰদেশ, অসম, ছিকিম আৰু হাৰিয়ানাত থকা আইটিবিপিৰ বিভিন্ন বেটেলিয়নত কৰ্মৰত ১০১ জন জোৱানক এই প্ৰশিক্ষণ প্ৰদান কৰা হয়।

য়াকৰ প্ৰতিপালন, বেমাৰ, পুষ্টি, ভাৰ কঢ়িওৱা আৰু স্বাস্থ্য সংক্ৰান্তীয় দিশসমূহৰ বিষয়ে সঠিক জ্ঞান দিয়াৰ লক্ষ্যৰে এই কাৰ্য্যসূচী লোৱা হৈছিল।

কাৰ্য্যসূচীটোত ৫টা চামত প্ৰশিক্ষণ প্ৰদান কৰা হৈছিল।

আৰম্ভণিৰ দিনাৰ উদ্বোধনী ভাষণত ডিৰাঙস্থিত ৩০ নং এচ এচ বি বেটেলিয়নৰ এচ সুব্ৰমনিয়মে সেনা আৰু অৰ্ধ সামৰিক বাহিনী সমূহৰ বাবে ভাৰ কঢ়িওৱা জন্তু হিচাপে য়াকৰ গুৰুত্বৰ ওপৰত জোৰ দি অংশগ্ৰহণকাৰীসকলক ইয়াৰ গুৰুত্বৰ প্ৰতি সচেতন হ’বলৈ আৰু এই বিষয়ে কাম কৰিবলৈ আহ্বান জনায়।

তেওঁ লগতে ওখ ঠাইসমূহত বাচি থকাৰ বাবে সংগ্ৰামৰত য়াক পালকসকলৰ আৰ্থিক অৱস্থাৰ উন্নতিৰ বাবে য়াকক ভাৰবাহী জন্তু হিচাপে ব্যৱহাৰ কৰাৰ ওপৰত জোৰ দিয়ে।

ভাৰতীয় কৃষি গৱেষণা পৰিষদ- ৰাষ্ট্ৰীয় য়াক গৱেষণা কেন্দ্ৰৰ সঞ্চালক ডঃ পি চক্ৰবৰ্তীয়ে প্ৰশিক্ষণ প্ৰদানকাৰীসকলক ধন্যবাদ জনায়।