NORTHEAST NOW (Assamese)
অসম

নাৰিকলত হোৱাইটফ্লাইৰ আক্ৰমণত বিপৰ্যস্ত নামনি অসমৰ কৃষক

Posted by: এন ই নাও নিউজ November 22, 2018 5:37 pm
whiteflies-750x375

এইবাৰ হোৱাইটফ্লাই নামৰ এবিধ পতংগৰ আক্ৰমণত ত্ৰাহি মধুসুদন সুঁৱৰিবলগীয়া হৈছে অসমীয়া কৃষকে।  বিশেষকৈ  নাৰিকলৰ গছত এইবিধ পতংগৰ আক্ৰমণৰ ফলত নামনি অসমৰ কামৰূপ, দৰং, নলবাৰী আদি অঞ্চলৰ কৃষকসকল অতি বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছে।

অসম কৃষি বিশ্ববিদ্যালয়ৰ বিজ্ঞানীসকলে প্ৰকাশ কৰিছে যে ৰুগাছ স্পাইৰেলিং হোৱাইটফ্লাই ((Aleurodicus rugioperculatus)) নামৰ মাখিবিধে প্ৰায় ৫০০০ ডাল গছক আক্ৰমণ কৰিছে আৰু তাৰে অধিকাংশই কৈছে নাৰিকলৰ গছ। কামৰূপ জিলাৰ কমলাপুৰ কৃষিখণ্ডৰ অন্তৰ্গত ৪৫০ হেক্টৰ এলেকাত থকা নাৰিকল গছত এই পতংগবিধৰ আক্ৰমণ দেখা গৈছে।

তেওঁলোকে আৰু কৈছে যে নলবাৰী আৰু দৰং জিলাতো এই পতংগবিধৰ আক্ৰমণ দেখা গৈছে যদিও ঠিক কিমানখিনি অনিষ্ট সাধন কৰিছে তাক নিৰ্ধাৰণ কৰিব পৰা হোৱা নাই।

কৃষি বিজ্ঞানীসকল এই কথাত একমত যে অসমৰ শস্যত হোৱাইটফ্লাইৰ আক্ৰমণ এয়াই প্ৰথমবাৰৰ বাবে দেখা গৈছেআৰু তেওঁলোকে ভাৱে যে দক্ষিণ ভাৰতৰ পৰা লৈ অহা নাৰিকলৰ পুলিত এই পতংগবিধ অসমলৈ আহিছে।

হোৱাইটফ্লাই হৈছে ২মিলিমিটাৰ আকাৰৰ পতংগ। ইয়াৰ গা পাতল হালধীয়া আৰু পাখি ব’গা। এই পতংগবিধে নাৰিকলৰ পাতৰ ভিতৰৰ অংশ খাই পেলায় আৰু ঝাইলেম নলী আৰু ফ্ল’ৱেম কোষত থকা ৰস শুহি পেলায়। এই পতংগবিধে আক্ৰমণ কৰিলে গছৰ পাত হালধীয়া হৈ যায় আৰু অৱশেষত নাৰিকল গছডালৰ মৃত্যু ঘটে।

এই পতংগবিধে তামোল, আম, কল, মধুৰীআম, আদি ২০০ গছৰ ৰস শুহি জীয়াই থাকে। পতংগবিধে গছডালৰ পৰা অত্যাধিক ৰস শোহাৰ লগে লগে পায়ুৰে এবিধ শৰ্কৰাযুক্ত ৰস নিৰ্গত কৰে। এই ৰসে আক্ৰান্ত গছত ক’লা লিকতীয়া এলান্ধুৰ সৃষ্টি কৰে। এই লিকতীয়া এলান্ধুৱে গছৰ সালোক সংশ্লেষণত বাধাৰ সৃষ্টি কৰে আৰু ইয়াৰ ফলত গছডালৰ যথেষ্ট ক্ষতিসাধন হয় আৰু পৰিপুষ্টিহীনতাত ভুগি লাহে লাহে মৃত্যুমুখত পৰে।

এই অনিষ্টকাৰী পতংগবিধে আৰু অধিক অনিষ্ট কৰাৰ পূৰ্বে সিহঁতক নিৰ্মূল কৰাৰ উপায় বাহিৰ কৰাৰ ক্ষেত্ৰত অসম কৃষি বিশ্ববিদ্যালয়ৰ কৃষিবিজ্ঞানীসকল যথেষ্ট প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে।