NORTHEAST NOW (Assamese)
Popular Stories

দক্ষিণ চীন সাগৰলৈ যুদ্ধ জাহাজ পঠিয়াইছে আমেৰিকাই; চীনৰ অভিযোগ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 8, 2020 10:17 am
china

বৰ্তমান সময়ত ক’ৰ’না ভাইৰাছৰ পৰা কোনোমতে মুক্তি লাভ কৰাৰ বাবে সমগ্ৰ বিশ্বই যুঁজ দি থকাৰ সময়ত বিশ্বৰ দুই মহাশক্তি চীন আৰু আমেৰিকাৰ মাজত বাক যুদ্ধ অব্যাহত আছে।

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ক’ৰ’না ভাইৰাছৰ বাবে চীনক জগৰীয়া কৰি থকাৰ সময়ত চীনৰ তৰফৰ পৰাও আমেৰিকাক দোষাৰোপ কৰা হৈছে।

ক’ৰ’নাৰ সংকটৰ সময়ত আমেৰিকাই দক্ষিণ চীন সাগৰলৈ যুদ্ধ জাহাজ পঠিয়াইছে বুলি চীনে অভিযোগ উত্থাপন কৰিছে।

‘‘চীনে বৰ্তমান সময়ত ক’ৰ’না মহামাৰীৰ বিৰুদ্ধে যুঁজাৰ বাবে বিশ্বৰ বিভিন্ন দেশক সহায় কৰি থকাৰ সময়ত আমেৰিকাই নিজৰ যুদ্ধ জাহাজ দক্ষিণ চীন সাগৰ অভিমুখে প্ৰেৰণ কৰিছে, যি চীনৰ ভৌগলিক অখণ্ডতাৰ প্ৰতি এক ভাবুকি,’’ চীনৰ বিদেশ মন্ত্ৰ্যালয়ে বুধবাৰে এক প্ৰেছ বিজ্ঞপ্তিত এইদৰে সদৰি কৰে।

চীনে লগতে বৰ্তমান সময়ত আমেৰিকাকো সহায় কৰি আছে বুলি উল্লেখ কৰি বিগত দিনত নিউয়ৰ্কলৈ ভেণ্টিলেটৰ পঠিয়াইছে বুলি কয়।

উল্লেখযোগ্য যে, আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ক’ৰ’নাক চীনা ভাইৰাছ আখ্যা দিয়াৰ  পাছতে দুয়োখন দেশৰ মাজত চলি থকা শীতল যুদ্ধ পুনৰ আৰম্ভ হৈছে।