NORTHEAST NOW (Assamese)
অসম

অচিনাক্ত বন্দুকধাৰীয়ে গুলীয়াই হত্যা কৰিলে উচ্চতম ন্যায়ালয়ৰ দুই মহিলা ন্যায়াধীশক, কাবুলত উত্তেজনা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ January 17, 2021 4:39 pm
a supr

আফগানিস্তানৰ তালিবান সন্ত্ৰাসবাদীৰ সৈতে চৰকাৰৰ শান্তি আলোচনাৰ প্ৰক্ৰিয়া চলি থকাৰ মাজতে আজি পুৱাই সন্দেহযুক্ত তালিবানে দেশ খনৰ দুগৰাকীকৈ ন্যায়াধীশক হত্যা কৰাৰ কথাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

আফগানিস্তানৰ ৰাজধানী কাবুলৰ ৰাজপথতে তালিবান সন্ত্ৰাসবাদীয়ে উচ্চতম ন্যায়ালয়ৰ মহিলা ন্যায়াধীশ দুগৰাকীক গুলীয়াই হত্যা কৰে।

নিহত ন্যায়াধীশ দুগৰাকীৰ নাম আৰক্ষীয়ে অৱশ্যে ৰাজহুৱা কৰা নাই।

আৰক্ষী সূত্ৰই প্ৰকাশ কৰা মতে আজি পুৱা গাড়ীৰে গৈ থকা অৱস্থাতে মহিলা ন্যায়াধীশ দুগৰাকী আক্ৰমণৰ সন্মুখীন হয়।

এই ঘটনাত ন্যায়াধীশ দুগৰাকীৰ ব্যক্তিগত নিৰাপত্তাৰক্ষী কেইজনো গুৰুতৰ ভাবে আহত হয়।

আহত সকলক কাবুলৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

উল্লেখ্য শেহতীয়াকৈ আমেৰিকাই আফগানিস্তানত মাত্ৰ ২,৫০০ গৰাকী মাৰ্কিন সেনাহে ৰখাৰ সিদ্ধান্ত লোৱাৰ পিছতে তালিবান সন্ত্ৰাসবাদীয়ে পুনৰ নিজৰ শক্তি প্ৰদৰ্শন কৰিবলৈ আৰম্ভ কৰিছে।

তালিবানে মূৱতঃ দেশ খনৰ হাই প্ৰফাইল লোক সকলক আক্ৰমণৰ লক্ষ্য হিচাবে বাচি লৈছে।

২০১৭ চনতো তালিবান সন্ত্ৰাসবাদীয়ে কাবুলত থকা উচ্চতম ন্যায়ালয়ত আক্ৰমণ চলাই ২০ জন লোকক হত্যা কৰিছিল।

উচ্চতম ন্যায়ালয়ৰ মুখপাত্ৰ আহমেদ ফায়িম কাঈফে প্ৰকাশ কৰা মতে এতিয়ালৈকে কোনো সন্ত্ৰাসবাদী সংগঠনে মহিলা ন্যায়াধীশ দুগৰাকীক হত্যাৰ দায়িত্ব স্বীকাৰ কৰা নাই যদিও এয়া তালিবানৰেই কাম হ’ব বুলি সকলোৱে সন্দেহ কৰিছে।