NORTHEAST NOW (Assamese)
উত্তৰ-পূব

ইম্ফলত প্ৰায় ৪১ লাখ টকা মূল্যৰ চোৰাং সোণৰ বিস্কুটসহ দুজন ব্যক্তিক আটক

Posted by: সভাপতি চামম June 2, 2018 6:39 pm
Gold biscuits seized again in Manipur

আজি মণিপুৰৰ ৰাজধানী চহৰ ইম্ফলত দুজন ব্যক্তিৰ হাতৰ পৰা জব্দ কৰা হৈছে ৮খন সোণৰ বিস্কুট। প্ৰায় ৪১ লাখ টকা মূল্যৰ সোণৰ বিস্কুটকেইখনৰ উৎস বিদেশ বুলি জানিব পৰা গৈছে। আবকাৰী বিভাগৰ চোৰাং কাৰবাৰ বিৰোধী গোটটোৱে সোণখিনি জব্দ কৰে বুলি ইম্ফলৰ এক চৰকাৰী সূত্ৰত প্ৰকাশ।

আজি আবকাৰী বিভাগে জব্দ কৰা প্ৰায় ১৩২৮ গ্ৰাম ওজনৰ এই সোণখিনিৰ মূল্য প্ৰায় ৪১,১১,৪৮৮ টকা। উক্ত সোণখিনিৰে সৈতে ধৰা পৰা ব্যক্তিদুজন হৈছে কানহাই লালৰ পুত্ৰ অৰুণকুমাৰ (৪৭) আৰু ৰতন শ্বাহৰ পুত্ৰ ৰাজকুমাৰ শ্বাহ। তেওঁলোক দুয়োজন বিহাৰৰ পাটনা নিবাসী। দুয়োকে ইম্ফলৰ মাজ-মজিয়াৰ মহাত্মা গান্ধী এভিনিউৰ পৰা সোণসহ  আটক কৰা হয় বুলি ইম্ফলৰ আবকাৰী বিভাগৰ অতিৰিক্ত আয়ুক্ত আৰ কে দাৰেন্দ্ৰজীৎ সিঙে আজি এটা সংবাদ বিজ্ঞপ্তিযোগে জনাইছে। এই সন্দৰ্ভত এটা বিভাগীয় তদন্ত চলোৱা হৈছে বুলি সংবাদ বিজ্ঞপ্তিটোত কোৱা হৈছে।

উল্লেখ্য যে মে’ৰ ৩১ তাৰিখে ৰাজস্থানৰ নেহৰু নগৰ,গংগা নগৰৰ ৰাজেশ যোগীৰ পুত্ৰ গৌৰৱ যোগীৰ হাতৰ পৰাও প্ৰায় ২৫ লাখ টকা মুল্যৰ প্ৰায় ৮৩০ গ্ৰাম সোণ জব্দ কৰা হৈছিল। তেওঁক ইম্ফলৰ মাজ-মজিয়াৰ ফুড ভিলাৰ ওচৰৰ নাগামপালৰ পৰা আটক কৰা হৈছিল।

ঠিক একেদৰে মে’ৰ ২৬ তাৰিখেও এজন ব্যক্তিৰ হাতৰ পৰা মণিপুৰৰ পাল্লেল চহৰৰ পৰা ৫খন বিদেশী সোণৰ বিস্কুট উদ্ধাৰ কৰা হৈছিল যাৰ আনুমাণিক মূল্য প্ৰায় ২৬ লাখ টকা।এই সোণখিনিৰ দাঁতিত হীৰীআৰ চিহ্ন অংকণ কৰা আছিল। সেইদৰে  মে’ৰ ২৫ তাৰিখে ইম্ফলৰ আবকাৰী বিভাগৰ চোৰাং কাৰবাৰ বিৰোধী গোটটোৱে ৬২ লাখ টকা মূল্যৰ ১২খন সোণৰ বিস্কুট মলদ্বাৰত লুকাই অনা দুজন লোকক গ্ৰেপ্তাৰ কৰিছিল।