NORTHEAST NOW (Assamese)
অসম

এইবাৰ নিজৰ বডিগাৰ্ডকে বিয়া পাতিলে হলীউদৰ জনপ্ৰিয় অভিনেত্ৰী পামেলা এণ্ডাৰছনে

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ January 28, 2021 3:53 pm
pamela Anderson married to her bodyguard

হলীউদৰ জনপ্ৰিয় অভিনেত্ৰী পামেলা এণ্ডাৰছনে আকৌ বিয়া পাতিলে। এইটো তেওঁৰ পঞ্চম বিয়া। পিচে, এইবাৰ কোনো ডাঙৰ অনুষ্ঠান পাতি নহয়, গোপনেই বিয়া পাতি থলে পামেলাই।

বাতৰি অনুসৰি, মাত্ৰ কিছুদিন পূৰ্বে যোৱা বছৰ শেহৰ পিনে পামেলাি গোপনে বিবাহপাশত আৱদ্ধ হয়।

বৰ্তমান ৫৩বছৰীয়া প্লে’বয়ৰ প্ৰাক্তন সুন্দৰী গৰাকীয়ে এইবাৰ কাক বিয়া কৰালে তাক লৈ সকলোৱে জানিবলৈ আগ্ৰহী।

পামেলাই জানিবলৈ দিয়ে যে তেওঁ এইবাৰ নিজৰ দেহৰক্ষী (বডিগাৰ্ড) ডান হায়াৰ্ষ্টকক বিয়া পাতিছে। লকডাউনৰ সময়ত ডান পামেলাৰ সৈতেই আছিল।

পামেলাৰ সদায় খেয়াল ৰখা ডানৰ সৈতে জীৱন কটাবলৈ পাই পামেলা খুবেই সুখী বুলি জানিবলৈ দিয়ে।

এইবাৰকে লৈ পামেলাই পঞ্চমবাৰৰ বিয়া পাতিলে। অৱশ্যে, তেওঁ নিজে সেই কথা স্বীকাৰ নকৰে। তেওঁৰ মতে এয়া চতুৰ্থ বিবাহহে।

ইয়াৰ পূৰ্বে টমি লী, বব ৰিচি আৰু ৰিক চালোমনক বিয়া কৰাইছিল পামেলাই। ইয়াৰ বিতৰত ৰিকক দুবাৰ বিয়া পাতিছে পামেলাই।

যোৱা বছৰ পামেলাই জন পিটাৰ্ছক বিয়া পতা বুলি শুনা গৈছিল যদিও সেই খৱৰ প্ৰকাশ পোৱাৰ ১২ দিন পাছত পামেলাই জনৰ সৈতে বিয়া ভঙা বুলি জানিবলৈ দিছিল। আইনী মতে সেই বিবাহ সম্পন্ন হোৱা নাছিল বুলি কোৱা হৈছিল।

এইবাৰ আইনীভাৱে ঘনিষ্ঠ মহলৰ উপস্থিতিত তেওঁলোকে বিয়া পাতিছে। ২৫ বছৰ পূৰ্বে নিজৰ ককাক-আইতাকৰ পৰা ক্ৰয় কৰা ঘৰটোতে বৰ্তমান বডিগাৰ্ড ডানৰ সৈতে থাকিবলৈ লৈছে পামেলা।