NORTHEAST NOW (Assamese)
অসম

বাহৰেইনত উপস্থিত ভাৰতে অনুদান হিচাপে আগবঢ়োৱা ক’ৰ’নাৰ ভেকচিন

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ January 28, 2021 3:50 pm
বাহৰেইনত উপস্থিত ভাৰতে অনুদান হিচাপে আগবঢ়োৱা ক’ৰ’নাৰ ভেকচিন

ভাৰতে বৃহস্পতিবাৰে বাহৰেইনলৈ ১০,৮০০ কোভিশ্বিল্ড ভেকচিন অনুদান হিচাপে আগবঢ়ায়।

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে বাহৰেইনলৈ কোভিশ্বিল্ড ভেকচিন সন্দৰ্ভত মত ব্যক্ত কৰে।

ভাৰতৰ পুণেস্থিত চেৰাম ইষ্টিটিউটে অক্সফোৰ্ড বিশ্ববিদ্যালয়ৰ সহযোগত প্ৰস্তুত কৰি উলিওৱা ক’ৰ’নাৰ ভেকচিন কোভিশ্বিল্ড বাহৰেইনক দুয়োখন দেশৰ মাজত হোৱা পাৰস্পৰিক বুজাবুজিৰ চুক্তি অনুসৰি প্ৰদান কৰা হয় বুলি জয়শংকৰে জানিবলৈ দিয়ে।

বাহৰেইনৰ উপৰিও শ্ৰীলংকাই ভাৰতৰ পৰা ৫ লাখ কোভিশ্বিল্ড ভেকচিন অনুদান হিচাপে লাভ কৰে।

ভাৰতে বাহৰেইন, শ্ৰীলংকা, নেপাল, বাংলাদেশ, আফগানিস্তান, ভূটান আদি চুবুৰীয়া দেশক অনুদান হিচাপে ক’ৰ’না ভাইৰাছৰ ভেকচিন আগবঢ়াইছে।

ভাৰতে ইয়াৰ চুবুৰীয়া ৰাষ্ট্ৰ সমূহক ক’ৰ’নাৰ ভেকচিন প্ৰদানেৰে সহায় কৰা কাৰ্য্যক আমেৰিকা যুক্তৰাষ্ট্ৰয়ো প্ৰশংসা কৰে।