NORTHEAST NOW (Assamese)
অসম

বিশিষ্ট সাহিত্যিক, মিচিং সাহিত্য সভাৰ প্ৰাক্তন সভাপতি চেঙাৰাম মৰাঙৰ মৃত্যু

Posted by: মিটু খাটনিয়াৰ December 17, 2018 5:11 pm
WhatsApp Image 2018-12-17 at 4.50.51 PM

বিশিষ্ট সাহিত্যিক, সমালোচক মিচিং সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, ‘ মাজুলীত কবিতা ‘ আলোচনীৰ প্ৰাক্তন উপদেষ্টা, সু-বক্তা, জেংৰাইমুখ মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক,  সু-কবি চেঙাৰাম মৰাঙৰ যোৱাকালি ১৬ ডিচেম্বৰ দেওবাৰে পুৱা পৰলোকপ্ৰাপ্তি ঘটে।

বহুমুখী প্ৰতিভাধৰ মৰাংদেৱৰ মৃত্যুত শোকদগ্ধ মাজুলীবাসী শোকস্তব্ধ হৈ পৰিছে। সমাজ সংগঠক, সাহিত্যৰ নিৰলস সাধক মৰাংদেৱৰ মৃত্যু সাহিত্য ক্ষেত্ৰখনৰ বাবে এক অপূৰণীয় ক্ষতি বুলি মাজুলীৰ বিশিষ্ট ব্যক্তসকলে মত পোষণ কৰিছে।

প্ৰাঞ্জল মিতভাষী’, নিৰহংকাৰী, ৰঙিয়াল মুখৰ বিশিষ্ট এই বিশিষ্ট সাহিত্যিকগৰাকীৰ বিয়োগেত আজি মাজুলীবাসীয়ে এগৰাকী বহুপ্ৰতিভাধৰ নক্ষত্ৰক হেৰুৱালে। মাজুলীৰ সাহিত্য-সংস্কৃতিৰ ক্ষেত্ৰখনে, মিচিং সাহিত্য সভাই মৰাং ছাৰৰ বিশাল-বৰ্ণাঢ্য সাহিত্যিক অৱদানৰ চিন স্বৰূপে নিশ্চিতভাৱে দীৰ্ঘম্যাদী পদক্ষেপ গ্ৰহণ কৰিব বুলি মাজুলীবাসীয়ে আশা প্ৰকাশ কৰে।