NORTHEAST NOW (Assamese)
অসম

ৰিজাৰ্ভ বেংকে দিছে অন্তিম সীমা : এ টি এম কাৰ্ড উন্নীত নকৰিলে বিপদত পৰিব পাৰে গ্ৰাহক

Posted by: এন ই নাও নিউজ December 17, 2018 4:34 pm
EMV_ATM card

ভাৰতীয় ৰিজাৰ্ভ বেংকে অহা ৩১ ডিচেম্বৰৰ ভিতৰত সকলো বেংককে ইয়াৰ গ্ৰাহকসকলৰ পুৰণি প্ৰযুক্তি মানৰ এ টি এম কাৰ্ডবোৰ নতুনকৈ ধৰি দিয়া প্ৰযুক্তি-মানলৈ উন্নীত কৰাবলৈ কঠোৰ নিৰ্দেশ দিছে। ইতিমধ্যে এছ বি আইকে ধৰি প্ৰায় সকলো বেংকেই তেওঁলোকৰ গ্ৰাহকলৈ কাৰ্ডবিলাক উন্নীত কৰিবলৈ নিৰ্দেশনা প্ৰেৰণ কৰিছে।

গতিকে অহা ৩১ ডিচেম্বৰৰ ভিতৰত যাতে আপোনাৰ বেংকৰ পৰা এই নতুন মানবিশিষ্ট কাৰ্ড পায়, তাৰ বাবে মাইগ্ৰেইশ্যন প্ৰক্ৰিয়া আগতীয়াকৈ সম্পূৰ্ণ কৰক। অন্যথা আপোনাৰ কাৰ্ডখন অকামিলা হৈ পৰাটো এক প্ৰকাৰৰ নিশ্চিত।

পুৰণি প্ৰযুক্তি মানৰ কাৰ্ডবোৰক ক্লাছিক ডেবিট কাৰ্ড বা ষ্ট্ৰিপ-বেছড কাৰ্ড বুলি কোৱা হয়। ইয়াৰ বিপৰীতে নতুন মানৰ কাৰ্ডবোৰ হ’ল চিপ এণ্ড পিন বেছড কাৰ্ড, যিবোৰক ই এম ভি (EMV) কাৰ্ড বুলিও কোৱা হয়। EMV হ’ল Europay, Mastercard, আৰু Visa ৰ সংক্ষিপ্ত ৰূপ।

এই নতুন কাৰ্ডবোৰত contact-pad বুলি এটা সৰু চিপ আছে(সোণালী ৰঙৰ), য’ত গ্ৰাহকৰ সবিশেষ সংৰক্ষিত থাকে। আনহাতে পুৰণি প্ৰযুক্তিৰ কাৰ্ডবোৰত থাকে এটা মেগনেটিক পটি। পুৰণি কাৰ্ডবোৰৰ এই পটিটো সহজে ক্ল’নিং কৰিব পাৰি বাবে গ্ৰাহক ঠগ-প্ৰৱঞ্চকৰ দ্বাৰা আক্ৰান্ত হোৱাৰ সম্ভাৱনা বেছি। গতিকে ৰিজাৰ্ভ বেংকে অতি তৎকালীনভাৱে গ্ৰাহকক নতুন প্ৰযুক্তিৰ কাৰ্ড দিবলৈ বেংকবিলাকক নিৰ্দেশ দিছে।

এছ বি আই-এ ইতিমধ্যে বিনামূলীয়াকৈ এই পুৰণি মানটোৰ পৰা নতুন মানবিশিষ্ট কাৰ্ডলৈ মাইগ্ৰেইশ্যনৰ এক সুযোগ আগ বঢ়াইছে।

মন কৰিব লগীয়া যে বেংকটোৱে সৰ্বাধিক গ্ৰাহকক এই ক্লাছিক ডেবিট কাৰ্ডহে যোগান ধৰিছিল। তুলনামূলকভাৱে নতুন গ্ৰাহকৰহে আছে ই এম ভি কাৰ্ড।