NORTHEAST NOW (Assamese)
Popular Stories

নতুন প্ৰেমৰ কথা ‘আনুষ্ঠানিকভাৱে’ ঘোষণা কৰিলে শিখৰ ধাৱানে!

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী May 2, 2025 1:17 pm

যোৱা মাৰ্চ মাহত সমাপ্ত হোৱা আই চি চি চেম্পিয়নছ ট্ৰফীৰ সময়ত ষ্টেডিয়ামৰ গেলেৰীত এগৰাকী মহিলাৰ সৈতে দেখা গৈছিল প্ৰাক্তন ভাৰতীয় তাৰকা ক্ৰিকেটাৰ শিখৰ ধাৱানক।

পিছত জানিব পৰা যায় যে তেওঁ আইৰিছ নাগৰিক ছোফী শ্বাইন। কিন্তু হঠাৎ ধাৱান আৰু ছোফীক একেলগে দেখাৰ পিছত নতুন সম্পৰ্কৰ জল্পনা-কল্পনাৰ সৃষ্টি হ’ল। ধাৱানে নিজেই এটা মেছেজত তাৰ ইংগিত দিছিল। অৱশেষত আনুষ্ঠানিক ঘোষণাও আহিল।

কিছুদিনৰ পৰা সংবাদ মাধ্যমত চৰ্চা চলি আহিছে যে প্ৰাক্তন ভাৰতীয় অ’পেনাৰগৰাকীয়ে এগৰাকী বিদেশী মহিলাৰ সৈতে আবেগিক সম্পৰ্কত আছে।

তেওঁ নিজেই পিছত এটা অনুষ্ঠানত এই নতুন প্ৰেম কাহিনীৰ কথা ক’বলৈ গৈও নিজক সংযত কৰি ৰাখে। নতুন প্ৰেয়সীৰ নাম কি বুলি সোধাত ধাৱানে প্ৰথমে দ্বিধাবোধ কৰিছিল। পিছত অৱশ্যে তেওঁ হাঁহি হাঁহি ক’লে, “মই কোনো নাম নকওঁ। কিন্তু এই কোঠাটোত উপস্থিত থকা আটাইতকৈ ধুনীয়া ছোৱালীজনীয়ে মোৰ প্ৰেমিকা।” সেই সময়ত ছোফী তাতেই আছিল।

সেই সময়ত ভাইৰেল হৈ পৰিছিল ধাৱানৰ মন্তব্যৰ ভিডিঅ’। একে সময়তে বহুতে প্ৰায় নিশ্চিত হৈছিল যে তেওঁৰ ছোফীৰ লগত কিবা এটা চলি আছে। অৱশ্যে আনুষ্ঠানিক ঘোষণা বাকী আছিল।

বৃহস্পতিবাৰে ইনষ্টাগ্ৰামত ছোফীৰ সৈতে এখন ছবি পোষ্ট কৰে ধাৱানে। যাৰ কেপচনত তেওঁ লিখিছে, ‘মোৰ ভালপোৱা’। হাৰ্ট ইমোজি এটাও দিছে। সেই পোষ্টটোৰ বাবে অনুৰাগীয়ে ধাৱানক অভিনন্দন জনাইছে।