NORTHEAST NOW (Assamese)
ক্ৰীড়া

ৰাষ্ট্ৰীয় ক্যোৰুগি আৰু পুমচাই প্ৰতিযোগিতাত পদক অৰ্জন ছিকিম এমেচাৰ টাইকোৱানডো এছ’চিয়েশ্যনৰ দলৰ

Posted by: সাগৰ ছেত্ৰী April 2, 2018 10:29 pm
ৰাষ্ট্ৰীয় ক্যোৰুগি আৰু পুমচাই প্ৰতিযোগিতাত পদক অৰ্জন ছিকিম এমেচাৰ টাইকোৱানডো এছ’চিয়েশ্যনৰ দলৰ

মহাৰাষ্ট্ৰৰ পুনেত টাইকোৱানডো ফেডাৰেশ্যন অব ইণ্ডিয়াৰ দ্বাৰা অনুষ্ঠিত ৩৪ সংখ্যক ছাব-জুনিয়ৰ ৰাষ্ট্ৰীয় ক্যোৰুগি আৰু ৮তম ছাব-জুনিয়ৰ ৰাষ্ট্ৰীয় পুমচাই টাইকোৱানডো প্ৰতিযোগিতাত ছিকিম এমেচাৰ টাইকোৱানডো এছ’চিয়েশ্যনৰ এটা দলে ৰাজ্যখনৰ বাবে ৭টা পদক কঢ়িয়াই আনিবলৈ সক্ষম হৈছে।

ছিকিমৰ দলটোৱে লাভ কৰা ৭টা পদকৰ ভিতৰত আছে ৫টা সোণ আৰু ২টা ব্ৰঞ্জ। পদক লাভ কৰিবলৈ সক্ষম হোৱা খেলুৱৈ কেইগৰাকী হৈছে ক্ৰিতিকা প্ৰধান, চিত্তিজ প্ৰধান, অনুষ্কা ছুব্বা, য়াংজেই টামাংআৰু গোকাৰ্না ছেত্ৰী।

২৬ জনীয়া ৰাজ্যিক দলটোৰ ক্যোৰুগিৰ প্ৰশিক্ষক আছিল সুমন টামাং আৰু ফুৰ্বা ছেৰ্পা তথা পুমচাই দলটোৰ প্ৰশিক্ষক আছিল প্ৰদিপ মুখিয়া আৰু প্ৰিতম ঠাপা।

আজি আবেলি গেংটকৰ হুৱাইট হ’লত অনুষ্ঠিত এক সভাত ছিকিম এমেচাৰ টাইকোৱানডো এছ’চিয়েশ্যনে ৰাজ্যখনৰ বাবে সন্মান কঢ়িয়াই অনা উক্ত খেলুৱৈ কেইগৰাকীৰ লগতে প্ৰশিক্ষক কেইগৰাকীক সম্বৰ্ধনা জনায়।