NORTHEAST NOW (Assamese)
অসম

যুৱ চিত্ৰশিল্পী বিক্ৰম নাৰ্জাৰীলৈ ‘নিখিল ভাৰত স্বৰ্ণ পদক’ বঁটা

Posted by: এন ই নাও নিউজ April 3, 2018 7:37 am

কোকৰাঝাৰৰ যুৱ চিত্ৰশিল্পী বিক্ৰম নাৰ্জাৰীলৈ আগবঢ়োৱা হৈছে ‘নিখিল ভাৰত স্বৰ্ণ পদক’ বঁটা। মুম্বাইৰ প্ৰফুল্ল দাহানুকৰ আৰ্ট অৱ ফাউণ্ডেশ্যনে আগবঢ়াইছে এই ৰাষ্ট্ৰীয় বঁটা।

কোকৰাঝাৰ জিলাৰ অন্ঠাইবিল গাঁৱৰ নিজয় কুমাৰ নাৰ্জাৰী আৰু সুমিত্ৰা নাৰ্জাৰীৰ পুত্ৰ তথা উদীয়মান যুৱ শিল্পী বিক্ৰম নাৰ্জাৰীয়ে ৰাষ্ট্ৰীয় পৰ্যায়ৰ কালানাণ্ড আৰ্ট প্ৰতিযোগীতা-২০১৮ত বিজয়ী হৈ স্বৰ্ণ পদক লাভ কৰিবলৈ সক্ষম হয়। তেওঁৰ এই সাফল্যত সমগ্ৰ বি টি এ ডিতে আনন্দৰ লহৰ উঠিছে।

উল্লেখ্য যে ‘কালানাণ্ড আৰ্ট কন্টেষ্ট-২০১৮’  ৰাষ্ট্ৰীয় পৰ্যায়ৰ  প্ৰতিযোগিতাত ইৰি পোকৰ ছবি আঁকি এই সুনাম আনিবলৈ সক্ষম হৈছে চিত্ৰ শিল্পীগৰাকীয়ে। যোৱা ২৯ মাৰ্চত মুম্বাই ৱৰ্লিৰ নেহৰু অডিটৰিয়ামত আয়োজিত বঁটা বিতৰণী সভাত বিক্ৰমে গ্ৰহণ কৰে এই  সন্মানীয় বঁটা। বঁটাত আছে সোণৰ মেডেল, মানপত্ৰ আৰু নগদ এক লাখ টকা।

বিক্ৰমে ইয়াৰ পূৰ্বেও বিভিন্ন ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ৰ বঁটা পাবলৈ সক্ষম হৈছে। ইয়াৰ মাজত আছে গুৱাহাটীৰ ললিত কলা ভৱনত অনুষ্ঠিত নৱম নৰ্থ ইষ্ট ষ্টেট এক্সিভিজন-২০১৬ প্ৰতিযোগিতাত নৰ্থ ইষ্ট সমন্বয় বঁটা, ২০১৪ চনত পুনেত অনুষ্ঠিত ২৭তম অল ইণ্ডিয়া আৰ্ট এক্সিভিজনৰ সুন্দৰবাই ইন্দোৰমাল বৰানা আৰু এছ বি বাংগাল বঁটা, লোকমান্য তিলক এণ্ড বেৰিষ্টাৰ ভি ভি অৱাক আৰ্ট এক্সিভিজন ২০১৪ বঁটা, পুনেত অনুষ্ঠিত ২৯তম লোকমান্য তিলক অল ইণ্ডিয়া আৰ্ট এক্সিভিজন ২০১৬ বঁটা, নিউ দিল্লী মিউনিচিপাল কাউঞ্চিল অল ইণ্ডিয়া আৰ্ট এক্সিভিজন ২০১৪ বঁটা আৰু ৮৭তম বাৰ্ষিক অল ইণ্ডিয়া আৰ্ট এক্সিভিজন ২০১৪ বঁটা লাভ কৰিবলৈ সক্ষম হৈছে।

উদীয়মান শিল্পী বিক্ৰম নাৰ্জাৰী ছত্তিছগড়ৰ সংগীত আৰু সুকুমাৰ কলা বিশ্ববিদ্যালয়ৰ গ্ৰাফিক্স বিভাগত মাষ্টাৰ অৱ ফাইন আৰ্টস চমুকৈ এমপিএৰ ছাত্ৰ আৰু নিজ প্ৰতিভাৰে ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি সফলতা লাভ কৰিবলৈ সক্ষম হৈছে৷