NORTHEAST NOW (Assamese)
অসম

৭০ টা ৰে’ল ষ্টে’শ্যনক নতুন ৰূপ দিয়াৰ যো-জা এন এফ ৰে’লৱে’ৰ

Posted by: এন ই নাও নিউজ March 15, 2018 9:33 pm
Lockdown: Indian Railways to gradually restart passenger train operations from May 12

সা-সুবিধা উন্নত কৰাৰ বাবে প্ৰায় ৬০০ টা ৰে’ল আস্থান আই আৰ এচ ডি চি (Indian Railway Station Development Corporation Limited)ক গতাব এন এফ ৰে’লৱে’ই। এন এফ ৰে’লৱে’ সূত্ৰই বুধবাৰে এই কথা প্ৰকাশ কৰিছে।

তাৰোপৰি বিহাৰৰ কাতিহাৰ, বংগৰ আলিপুৰদুৱাৰ আৰু অসমৰ লামডিং, তিনিচুকীয়া আৰু ৰঙিয়াকে ধৰি ৭০ টা ষ্টে’চন এন এফ ৰে’লৱে’ই উন্নত কৰিব।

ষ্টে’চনবোৰ অয্থা সম্পূৰ্ণৰূপে নিৰ্মাণ কৰাতকৈ ইবোৰক এক নতুন ৰূপ দিয়াত জোৰ দিয়া হ’ব।

এই সন্দৰ্ভত নক্সা প্ৰস্তুতৰ বাবে আৰ্কিটেক্তক নিযুক্তি দিবলৈ ডিৱিজনেল ৰে’ল পৰিচালকসকলক নিৰ্দেশ দিয়া হৈছে। এই সন্দৰ্ভত তেওঁলোকে স্থানীয় লোকসকলৰ মতামত আৰু উপদেশো গ্ৰহণ কৰিব পাৰিব। ২০১৮ চনৰ ডিচেম্বৰৰ ভিতৰত এই ষ্টে’চনসমূহ চিনাক্ত কৰা কামতো সম্পূৰ্ণ হ’ব লাগিব।

উন্নীতকৰণৰ এই কামসমূহে ষ্টে’চন ভৱনৰ সন্মুখ ভাগ আৰু কোঠাসমূহ উন্নত কৰা, ৱে’ পইণ্ট, বহাৰ সুবিধা, টিকেট, পাৰ্কিং, জাবৰ-জোথৰ পেলোৱাৰ সুবিধা আদি সামৰি ল’ব।