NORTHEAST NOW (Assamese)
অসম

মাজুলী-যোৰহাট সংযোগী সেতু : ১০১৯ কোটি টকা অনুমোদন কেন্দ্ৰ চৰকাৰৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 18, 2025 8:01 pm
মাজুলী-যোৰহাট সংযোগী সেতু : ১০১৯ কোটি টকা অনুমোদন কেন্দ্ৰ চৰকাৰৰ

ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ কৰা হ’ব আন এখন দলং। এই দলং খনে মাজুলী আৰু যোৰহাট দুই জিলাক সংযোগ কৰিব।

এই দলং খনে মাজুলীবাসী ৰাইজৰ দীৰ্ঘদিনীয়া যাতায়তৰ সমস্যা দূৰ কৰাৰ লগতে মাজুলীৰ লগত উজনিৰ আন আন ৰাজ্যসমূহৰ এক বাণিজ্যিক সম্পৰ্ক গঢ়ি তোলাত সহায় কৰিব।

আজি এই দলংখন নিৰ্মাণৰ বাবে ঘাইপথ মন্ত্ৰালয়ে ১০১৯.১৬ কোটি টকাৰ অনুমোদন দিছে।

মাজুলী আৰু যোৰহাটৰ গুৰুত্বপূৰ্ণ সংযোগস্থল ৰাষ্ট্ৰীয় ঘাইপথ ৭১৫ (কে)ত নিৰ্মাণ হ’বলগীয়া এই দলং খনৰ দৈৰ্ঘ হ’ব ৬.৮ কিলোমিটাৰ।

২০২৫ চনৰ ৬ মাৰ্চত পথ পৰিবহণ আৰু ঘাইপথৰ সচিবৰ অধ্যক্ষতাত ব্যয় বিত্ত সমিতিৰ আলোচনাৰ পিছতে এই ধনৰ অনুমোদন দিয়া হৈছে।

এই দলংখনৰ কাম সম্পূৰ্ণ হলে নিসন্দেহে আঞ্চলিক সংযোগ বৃদ্ধি পাব, অৰ্থনৈতিক বিকাশৰ বৃদ্ধি হ’ব।