NORTHEAST NOW (Assamese)
Popular Stories

২০০০ ৰো  অধিক চাকৰিত আবেদন : চাকৰি নাপাই লণ্ডনৰ পৰা খালীহাতে স্বদেশলৈ ঘূৰিল ভাৰতীয় যুৱতী

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 18, 2025 7:00 pm

২০০০ ৰো অধিক চাকৰিত আবেদন কৰিও চাকৰি নাপাই লণ্ডনৰ পৰা ভাৰতলৈ ঘূৰি আহিল এগৰাকী যুৱতী।

জানিব পৰা মতে ৰায়পুৰৰ অদিতি কুক্ৰেজা নামৰ এই যুৱতীগৰাকীয়ে লণ্ডনৰ কুইন মেৰী বিশ্ববিদ্যালয়ৰ পৰা আইন বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। তাৰপিছত তেওঁ লণ্ডণত ২০০০ ৰো অধিক চাকৰিত আবেদন কৰে যদিও এটাও চাকৰি লাভ নকৰে।

২০২৪ চনৰ মাৰ্চ মাহত কাম বিচাৰিবলৈ আৰম্ভ কৰিছিল যদিও প্ৰত্যাখ্যানৰ পিছত প্ৰত্যাখ্যানৰ সন্মুখীন হবলগীয়া হৈছিল অদিতি।

অদিতিয়ে ছচিয়েল মিডিয়াত নিজৰ সংগ্ৰামৰ বিষয়ে লিখিছে যে কেনেকৈ তেওঁ হাজাৰ হাজাৰ চাকৰিৰ বাবে অনলাইন আবেদন কৰিছিল। আনকি লণ্ডনৰ স্থানীয় ৰেষ্টুৰেণ্ট, বাৰ, কেফেলৈও ১০০ৰো অধিক চিভি প্ৰেৰণ কৰিছিল অদিতিয়ে।

অদিতিয়ে লিখিছে, মই ইমান কষ্ট কৰিলোঁ আৰু অধ্যয়ন কৰিলোঁ, কিন্তু চাকৰিৰ বিচাৰোতে মোক কোনেও সহায় কৰা নাছিল। আনকি মেকডনাল্ডছেও মোৰ আবেদন নাকচ কৰিছিল

অৱশেষতআদিতিয়ে ৰায়পুৰলৈ উভতি যোৱাৰ সিদ্ধান্ত লয়। লণ্ডন এৰি ঘূৰি আহিবলৈ অদিতিৰ ইচ্ছা নাছিল বুলি স্বীকাৰ কৰিও অদিতিয়ে কয় যে যেতিয়া এখন দুৱাৰ বন্ধ হয় তেতিয়া আন এখন দুৱাৰ খোল খায়।

এই বিষয়ে অদিতিয়ে লিখা ইনষ্টাগ্ৰাম পোষ্টটো ইতিমধ্যে ভাইৰেল হৈ পৰিছে আৰু তাত বহুতে মন্তব্য কৰিছে।

এজন ব্যৱহাৰকাৰীয়ে লিখিছে, “এয়া লজ্জাজনক নহয়আপুনি আপোনাৰ সাধ্য অনুসৰি চেষ্টা কৰিলে, আপোনাৰ বাবে কিবা এটা ইতিবাচক খবৰে অপেক্ষা কৰি আছে।