NORTHEAST NOW (Assamese)
অসম

ল’কডাউনৰ সময়ত দেশত ২০-২৫ শতাংশ গাখীৰৰ চাহিদা হ্ৰাস : চৰকাৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 15, 2020 5:21 pm

ল’কডাউনৰ সময়ত দেশত গাখীৰৰ চাহিদা হ্ৰাস পাইছে। শুকুৰবাৰে কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে এই কথা উল্লেখ কৰে।

ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ বাবে সমগ্ৰ দেশত ঘোষণা কৰা ল’কডাউনৰ ফলত দেশত ২০-২৫ শতাংশ গাখীৰৰ চাহিদা হ্ৰাস পাইছে বুলি বিত্ত মন্ত্ৰী গৰাকীয়ে লগতে জানিবলৈ দিয়ে।

ভাৰতত প্ৰতিদিনে ৫৬০ লাখ লিটাৰতকৈ অধিক গাখীৰ কোঅপাৰেটিভ গোষ্ঠী সকলে উৎপাদন কৰে বুলি উল্লেখ কৰি সীতাৰমণে বৰ্তমান সময়ত প্ৰায় ৩৬০ লাখ লিটাৰ গাখীৰ ব্যৱহাৰ হৈ আছে বুলি কোৱাৰ লগতে গাখীৰ নষ্ট হোৱা ৰোধ কৰাৰ বাবে ব্যৱস্থা গ্ৰহণৰ কৰিছে বুলি জনায়।

উ্ল্লেখযোগ্য যে, ভাৰতৰ বিভিন্ন হোটেল, চাহৰ দোকান, মিঠাইৰ দোকান আদিত বিভিন্ন তৰহৰ গাখীৰেৰে নিৰ্মিত মিঠাই বিক্ৰী কৰা হয়।

ল’কডাউনৰ বাবে মিঠাইৰ লগতে চাহ দোকান সমূহ বন্ধ থকাৰ বাবে গাখীৰৰ চাহিদা হ্ৰাস পাইছে।

সমগ্ৰ দেশত ল’কডাউনৰ ফলত বাণিজ্য ক্ষেত্ৰত ব্যাপক লোকচানৰ সন্মুখিন হৈছে  ব্যৱসায়ী সকল।

ৰেষ্টুৰেণ্ট আদিৰ লগতে অনলাইন খাদ্য বিক্ৰেতা প্ৰতিষ্ঠান সমূহো ক্ষতিৰ সন্মুখিন হৈছে।