NORTHEAST NOW (Assamese)
অসম

ডিমাপুৰৰ পদপথত নাগা ভাই-ভনীৰ অসমৰ বাবে বান সাহায্য সংগ্ৰহৰ বিৰল দৃশ্য

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 27, 2019 7:56 pm
Dimapur Assam Flood relief

অসমৰ প্ৰলয়ংকৰী বানত ক্ষতিগ্ৰস্তসকলৰ বাবে সহমৰ্মিতা প্ৰদৰ্শন কৰি ডিমাপুৰত আজি নাগা ভাই-ভনীৰ এটা দলে পথৰ কাষত গান গাই বান সাহায্য সংগ্ৰহ কৰে।

জানিব পৰা মতে, Dimapur 24/7 -Instagram-ৰ অধীনত চলে এই সাহায্য সংগ্ৰহ অভিযানটো।

পদপথৰ দাঁতিৰ এডোখৰ বহল ঠাইত সীমিত বাদ্যযন্ত্ৰ আৰু ছাউণ্ড ছিষ্টেম লৈ বহুকেইজন যুৱক-যুৱতীক গান গাই মানুহৰ মনোযোগ আকৰ্ষণ আৰু বান সাহায্যৰ প্ৰতি আৱেদন জনোৱা দেখা গৈছে। কাষৰ বেৰত আঁৰি থোৱা বেনাৰত লিখা আছে charity campaign for Assam Flood Victims Dimapur stands for Assam”

সঁহাৰি দিয়া দেখা গৈছে যথেষ্ট সংখ্যক উপস্থিত লোক আৰু তাৰ আগেদি পাৰ হৈ যোৱা লোকক।

বহুতো অসমীয়াৰ হৃদয় জয় কৰা নাগা ভাই-ভনীসকলৰ এই সহমৰ্মিতাৰ স্বতঃস্ফূৰ্ত পদক্ষেপটোৰ ভিডিঅ’ ইতিমধ্যে অসমৰ বহুতো লোকে নিজৰ নিজৰ টাইমলাইনত গৰ্বেৰে শ্বেয়াৰ কৰা দেখা গৈছে।

https://www.facebook.com/dimapur247insta/videos/413831799229716/?__tn__=%2Cd%2CP-R&eid=ARBSuSH34KW8cH4P97Zov1gcAU1SJV9K5VaQnKlbEqXHvG3DC5IoD8VmrNT3zw50bjgbscbnKwkeR8SQ