NORTHEAST NOW (Assamese)
অসম

এ চি এৰিব নোখোজা নেতাৰ বাবেই কংগ্ৰেছ হাৰিল: ৰূপজ্যোতি কুৰ্মী

Posted by: অনুপ শৰ্মা Updated by: অনুপ শৰ্মা July 27, 2019 7:06 pm
Congress lost as some leaders did not come out of AC rooms: Rupjyoti

কংগ্ৰেছ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ মতে, এ চি কোঠাৰ পৰা ওলাব নোখোজা কিছুমান নেতাৰ বাবেই ২০১৬ৰ নিৰ্বাচনত দলটো পৰাজিত হ’ব লগা হৈছিল।

শনিবাৰে কুৰ্মীয়ে দলটোত অভ্যন্তৰীণ বিবাদ চলি থকাৰ ইংগিতদায়ী এই মন্তব্য কৰিছে।

অসম বিধান সভাৰ চলিত অধিৱেশনৰ মাজতে সাংবাদিক সৈতে হোৱা কথা-বাৰ্তাত কুৰ্মীয়ে কয় যে দলটোৰ কিছুমান নেতাৰ মাজত অহংকাৰে গঢ় লৈ উঠিছিল আৰু সাধাৰণ ৰাইজৰ সৈতে তেওঁলোক বিচ্ছিন্ন হৈ পৰিছিল।

“১৯৯৬তো কংগ্ৰেছ ক্ষমতালৈ অহাত বিফল হৈছিল কিন্তু ২০০১ত পুনৰ ক্ষমতালৈ আহিছিল। ইয়াৰ কৃতিত্ব ভাগী দলৰ একাংশ নিষ্ঠাৱান নেতা যিসকলে ২০০১ত দলক ক্ষমতালৈ আনিবলৈ কঠিন শ্ৰম কৰিছিল,” কুৰ্মীয়ে কয়।

“২০০১ৰ পৰা ধাৰাবাহিকভাৱে ক্ষমতাত থকাৰ ফলত আমাৰ কিছুমান দলীয় নেতাৰ অহংকাৰ গঢ় লৈ উঠিছিল আৰু বিশ্বাস জন্মিছিল যে তেওঁলোকে ৰাজ্যৰ বাবে ইতিমধ্যে যথেষ্ট কৰিছে,” কাৰো নাম নোলোৱাকৈ তেওঁ কয়।

অৱশ্যে কুৰ্মীয়ে আশা ব্যক্ত কৰে আৰু কয় যে বৰ্তমান থকা ২৪গৰাকী কংগ্ৰেছী বিধায়কেই কঠিন শ্ৰম কৰিব লাগিব আৰু ২০০১ৰ যাদু পুনৰ ঘটোৱাব লাগিব।

মৰিয়নিৰ বিধায়কজনে কিছুদিন পূৰ্বে নিজ মুখেৰেই শাসক বিজেপিত যোগ দিয়াৰ সম্ভাৱনা প্ৰকাশ কৰিছিল।

লগতে পঢ়ক– বিজেপিলৈ ৰূপজ্যোতি

পিছত অৱশ্যে তেওঁ সংবাদমেলযোগে সদৰী কৰে যে, তেওঁৰ মাতৃ, প্ৰাক্তন কংগ্ৰেছী বিধায়িকা ৰূপম কুৰ্মীয়ে সপোনত আহি তেওঁক গেৰুৱা দললৈ যাবলৈ মানা কৰিছে।