NORTHEAST NOW (Assamese)

ইম্ফল, শ্বিলঙত মুকলি হ’ব বিমান ঔষধালয় সেৱা: মণিপুৰৰ মুখ্যমন্ত্ৰী এন বি সিং

February 13, 2018 12:28 pm · সভাপতি চামম

দুৰ্গম অঞ্চলত বাস কৰা লোকসকলৰ  বাবে স্বাস্থ্য সেৱা সুলভ কৰাৰ অৰ্থে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে মণিপুৰ চৰকাৰে। সেই অনুসৰি অচিৰেই উত্তৰ পূবৰ দুখনকৈ গুৰুত্বপূৰ্ণ চহৰ ইম্ফল আৰু শ্বিলঙত আৰম্ভ কৰা হ’ব বিমান ঔষধালয় সেৱা (Air dispensary services )

সোমবাৰে বিধানসভাৰ প্ৰশ্মকালীন ঘণ্টাত ছুগনু সমষ্টিৰ বিধায়ক কানগুজম ৰণজিৎ সিঙৰ এক প্ৰশ্নৰ উত্তৰত এই তথ্য প্ৰকাশ কৰিছে মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙে। দুখন পৱনহংসৰ হেলিকপ্টাৰেৰে বিমান ঔষধালয় সেৱা আৰম্ভ কৰা হ’ব বুলিও সদনক অৱগত কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।

অৱশ্যে এই সেৱা মুকলিৰ আনুষ্ঠানিক দিন ঠিৰাং কৰা হোৱা নাই বুলি প্ৰকাশ কৰে মুখ্যমন্ত্ৰী সিঙে। এই সুবিধাৰ জৰিয়তে দুয়োখন চহৰৰ দুৰ্গম অঞ্চলত বাস কৰা লোকসকল উপকৃত হ’ব বুলি আশা কৰা হৈছে।

আনহাতে আন এক প্ৰশ্নৰ উত্তৰত তেওঁ প্ৰকাশ কৰে যে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদত নিযুক্তিৰ বাবে ব্যক্তিগত সাক্ষাৎকাৰ অবিহনে নিয়োগৰ ব্যৱস্থা কৰা হ’ব। ইয়াৰ বাবে চৰকাৰে ইতিমধ্যে বিশেষ নিয়োগ আঁচনি তৈয়াৰ কৰিছে। অৱশ্যে উক্ত আঁচনি গ্ৰহণৰ পূৰ্বে জাৰি কৰা বিজ্ঞাপনৰ ক্ষেত্ৰত এই নতুন নীতি প্ৰযোজ্য নহ’ব বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে সদনত সদৰি কৰে।

উল্লখ্য যে অধিৱেশনকালতে মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজহ সংগ্ৰহ, বায়’ টয়লেট স্থাপন, শ্বহীদ জোৱানৰ পৰিয়ালক আৰ্থিক সুবিধা প্ৰদান আদি বিষয়ত গুৰুত্বপূৰ্ণ তথ্য দাখিল কৰে।

Related News