NORTHEAST NOW (Assamese)

উগ্ৰপন্থীক চৰকাৰী ধন দিয়া গোচৰত নাগালেণ্ডৰ সদ্য প্ৰাক্তন মুখ্য মন্ত্ৰী টি আৰ জেলিয়াঙক ‘নিয়া’ৰ চমন

March 12, 2018 8:23 pm · এন ই নাও নিউজ
Updated: March 12, 2018 9:35 pm

নাগালেণ্ডত নতুন চৰকাৰ গঠন হোৱাৰ তিনি দিন পিছতে সদ্য প্ৰাক্তন মুখ্য মন্ত্ৰী টি আৰ জেলিয়াং নতুন বিপদৰ সন্মুখীন হোৱাৰ সম্ভাৱনাই দেখা দিছে। এটা সূত্ৰৰ পৰা জানিব পৰামতে বিদ্ৰোহী গোটক চৰকাৰী ধন দিয়াৰ অভিযোগৰ এটা গোচৰত আজি প্ৰাক্তন মুখ্য মন্ত্ৰী তথা নাগা পীপল ফ্ৰণ্টছৰ শীৰ্ষ নেতাজনলৈ ‘নিয়া’ (National Investigation Agency)ই চমন জাৰি কৰিছে।

নিয়াই প্ৰেৰণ কৰা চমনৰ প্ৰতিলিপি।

এই চমনত প্ৰাক্তন মুখ্য মন্ত্ৰীজনক অহা ১৩ মাৰ্চত নিয়াৰ দিল্লীৰ লোধী ৰ’ডস্থিত কাৰ্য্যালয়ত উপস্থিত হৈ এই সম্পৰ্কীয় গোচৰটোৰ তদন্ত কৰি থকা বিভাগটোৰ উপ আৰক্ষী অধীক্ষক যশবীৰ সিঙৰ সন্মুখত পুৱা ১০ বজাত উপস্থিত হ’বলৈ নিৰ্দেশ দিয়া হৈছে। প্ৰাক্তন মুখ্য মন্ত্ৰীজনলৈ ‘নিয়া’ত ৰুজু হৈ থকা গোচৰ RC-01/2016/NIA-GUW ৰ সম্পৰ্কত ফৌজদাৰী কাৰ্য্যবিধিৰ অধীনত চমনখন প্ৰেৰণ কৰা হৈছে।

উল্লেখযোগ্য যে জেলিয়াং মুখ্য মন্ত্ৰী হৈ থকাৰ সময়ত চৰকাৰৰ প্ৰায় ১৪টা বিভাগে ৰাজ্যখনৰ বিদ্ৰোহী গোট এন এছ চি এন (আই এম) আৰু এন এছ চি এন (কে)ক বৃহৎ পৰিমাণৰ ধন প্ৰদান কৰিছিল বুলি অভিযোগ উঠাৰ পিছত এই সন্দৰ্ভত কেন্দ্ৰীয় তদন্তকাৰী সংস্থাটোৱে গোচৰ ৰুজু কৰিছিল। ২০১৭ চনৰ ১৮ জানুৱাৰিত সংস্থাটোৱে ৰাজ্যখনৰ কেইবাটাও চৰকাৰী বিভাগত তালাচী চলাই প্ৰায় ২ কোটি টকাৰ ৰচিদ জব্ধ কৰিছিল।

আনহাতে নিৰ্বাচনৰ ঠিক আগে আগে এই সন্দৰ্ভত সোধা-পোচা কৰিবৰ বাবে জেলিয়াং চৰকাৰৰ কেইবাজনো শীৰ্ষ বিষয়াক চমন জাৰি কৰি মাতি পঠিয়াইছিল। লগতে চৰকাৰী বিভাগৰ ধন নাগা বিদ্ৰোহীলৈ ট্ৰেন্সফাৰ কৰাৰ অভিযোগত যোৱা বছৰ কেইবাজনো চৰকাৰী বিষয়াক বিভাগটোৱে গ্ৰেপ্তাৰ কৰিছিল।

Related News