NORTHEAST NOW (Assamese)
Popular Stories

দেশত পুনৰ বৃদ্ধি পাইছে বৰ্ণ বৈষম্য! এইবাৰ নিৰ্যাতনৰ বলি এইমছ গোৰখপুৰৰ নাগালেণ্ডৰ চিকিৎসক

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী February 24, 2026 11:11 am

গোৰখপুৰস্থিত এইমছত কৰ্মৰত নাগালেণ্ডৰ এগৰাকী তৃতীয় বৰ্ষৰ আৱাসিক চিকিৎসকক প্ৰতিষ্ঠানটোৰ সমীপত তিনিজন লোকে বৰ্ণবৈষম্যমূলক মন্তব্য কৰাৰ লগতে তেওঁক অনুসৰণ (stalking) কৰি শাৰীৰিক নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছে।

গোৰখপুৰৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক (SSP) কৌস্তুভে জানিবলৈ দিয়া মতে, এইমছ আৰক্ষী থানাত প্ৰাসংগিক ধাৰাৰ অধীনত ইতিমধ্যে এটা গোচৰ ৰুজু কৰা হৈছে। অৱশ্যে তেওঁ এজাহাৰত সন্নিবিষ্ট নিৰ্দিষ্ট ধাৰাসমূহৰ সবিশেষ প্ৰকাশ কৰাৰ পৰা বিৰত থাকে। এছ এছ পিগৰাকীয়ে কয়, “চিচিটিভি ফুটেজৰ জৰিয়তে অভিযুক্তৰ সৈতে জড়িত এখন মটৰচাইকেল চিনাক্ত কৰা হৈছে। তেওঁলোকক বিচাৰি উলিয়াবলৈ আৰক্ষীৰ চাৰিটা দল গঠন কৰা হৈছে আৰু সন্দেহযুক্ত লোককেইজনক গ্ৰেপ্তাৰ কৰাৰ লগে লগে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব।”

প্ৰকাশিত সূত্ৰ অনুৰি প্ৰসূতি আৰু স্ত্ৰী ৰোগ বিভাগত (Obstetrics and Gynaecology) অধ্যয়নৰত চিকিৎসকগৰাকীয়ে ২২ ফেব্ৰুৱাৰী, দেওবাৰে নিশা প্ৰায় ৮ বজাত চৌহদলৈ উভতি অহাৰ সময়তে অভিযুক্তকেইজনে তেওঁক প্ৰায় ১.৫ কিলোমিটাৰ ধৰি অনুসৰণ কৰে আৰু প্ৰতিষ্ঠানটোৰ ২ নং গেটৰ ওচৰত আগভেটি ধৰে। অভিযোগ অনুসৰি, লোককেইজনে চিকিৎসকগৰাকীক অশ্লীল আৰু বৰ্ণবাদী মন্তব্য কৰিছিল। ইয়াৰে এজনে তেওঁক ভয় খুৱাবলৈ নিজৰ চোলাটো খুলি পেলোৱাৰ বিপৰীতে আন এজনে তেওঁক অশালীনভাৱে স্পৰ্শ কৰে। চিকিৎসকগৰাকীয়ে উপায়ন্তৰ হৈ চিঞৰ-বাখৰ কৰাত তিনিওজনে ঘটনাস্থলীৰ পৰা পলায়ন কৰে।

নেচনেল ফেডাৰেচন অৱ ৰেচিডেণ্ট ডক্টৰছ অৱ এইমছ এণ্ড আই এন আইছয়ে (NAFORD) ছচিয়েল মিডিয়াৰ জৰিয়তে চিকিৎসকগৰাকীয়ে সন্মুখীন হোৱা “গভীৰ আঘাত, অপমান আৰু মানসিক যন্ত্ৰণা”ৰ কথা প্ৰকাশ কৰিছে। ফেডাৰেচনটোৱে ছচিয়েল মিডিয়াৰ এটা পোষ্টত কয়, “২২ ফেব্ৰুৱাৰীৰ নিশা প্ৰায় ৮ বজাত উত্তৰ প্ৰদেশৰ গোৰখপুৰস্থিত অৰিয়ন মলৰ পৰা ওলাই অহাৰ সময়ত তিনিজন লোকে উত্তৰ-পূৰ্বাঞ্চলৰ হোৱাৰ বাবে তেওঁক লৈ বৰ্ণবাদী মন্তব্য কৰে, উপহাস কৰে আৰু তেওঁৰ ফালে একেথৰে চাই থাকে।” পোষ্টটোত লগতে কোৱা হৈছে যে ভুক্তভোগীগৰাকীয়ে ইয়াৰ প্ৰতিবাদ কৰিবলৈ চেষ্টা কৰিছিল যদিও, তেওঁলোকে অকথ্য গালি-গালাজ পাৰি তেওঁক এইমছৰ ২ নং গেটৰ দিশে অনুসৰণ কৰে।

শেহতীয়াকৈ নতুন দিল্লীত অৰুণাচল প্ৰদেশৰ তিনিগৰাকী মহিলাৰ প্ৰতি অনুৰূপ বৰ্ণবাদী নিৰ্যাতনৰ ঘটনা সংঘটিত হোৱাৰ পিছতে এই কাণ্ডই পুনৰ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। উল্লেখ্য যে, দেওবাৰে দিল্লী আৰক্ষীয়ে জানিবলৈ দিয়া মতে, উক্ত ঘটনা সন্দৰ্ভত নতুন দিল্লীৰ মালৱীয় নগৰ আৰক্ষী থানাত হৰিশ সিং আৰু তেওঁৰ পত্নীৰ বিৰুদ্ধে ভাৰতীয় ন্যায় সংহিতাৰ (BNS) ৭৯, ৩৫১(২), ৩(৫) আৰু ১৯৬ ধাৰাৰ অধীনত এখন এজাহাৰ ৰুজু কৰা হৈছে।