NORTHEAST NOW (Assamese)
অসম

এ আই সন্মিলনত প্ৰতিবাদ, সৰ্বভাৰতীয় যুৱ কংগ্ৰেছৰ সভাপতিক গ্ৰেপ্তাৰ

Posted by: এন ই নাও নিউজ, নতুন দিল্লী Updated by: এন ই নাও নিউজ, নতুন দিল্লী February 24, 2026 12:04 pm

এআই শীৰ্ষ সন্মিলনৰ সময়ত চোলা খুলি প্ৰতিবাদ কৰা যুৱ কংগ্ৰেছৰ সভাপতি উদয় ভানু চিবক গ্ৰেপ্তাৰ কৰিছে দিল্লী আৰক্ষীয়ে। খবৰ অনুসৰি দিল্লী আৰক্ষীয়ে চিবক তিলক মাৰ্গ থানাত ৰাখিছে। থানাৰ বাহিৰত নিৰাপত্তা অধিক কটকটীয়া কৰা হৈছে। চি আৰ পি এফ আৰু দিল্লী আৰক্ষীৰ জোৱান মোতায়েন কৰা হৈছে।

দিল্লী আৰক্ষীয়ে কোনো আনুষ্ঠানিক বিবৃতি প্ৰকাশ কৰা নাই যদিও ৰাজনৈতিক উত্তাপ বৃদ্ধি পাইছে। কংগ্ৰেছৰ নেতা-কৰ্মীয়ে ছ’চিয়েল মিডিয়া প্লেটফৰ্মত কেন্দ্ৰীয় চৰকাৰক আক্ৰমণ কৰিছে।

এআই শীৰ্ষ সন্মিলনৰ সময়ত চাৰ্ট খুলি প্ৰতিবাদ কৰা যুৱ কংগ্ৰেছৰ সভাপতি উদয় ভানু শিবক গ্ৰেপ্তাৰ কৰিছে দিল্লী আৰক্ষীয়ে। বাতৰি অনুসৰি, মঙলবাৰে পুৱা প্ৰায় ৪:৩০ বজাত উদয় ভানুক গ্ৰেপ্তাৰ কৰা হয়। গ্ৰেপ্তাৰ কৰাৰ পূৰ্বে দিল্লী আৰক্ষীয়ে উদয় ভানু শিবক আটক কৰি প্ৰায় ২০ ঘণ্টা ধৰি জেৰা কৰে। কংগ্ৰেছে এই পদক্ষেপক ৰাজনৈতিক প্ৰতিশোধৰ দ্বাৰা প্ৰেৰিত বুলি প্ৰশ্ন উত্থাপন কৰিছে।

তিৰুৱল্লুৰৰ সাংসদ শশীকান্ত ছেথিলে এক্সত পোষ্ট কৰি লিখিছে, ‘২০ ঘণ্টাৰো অধিক জেৰাৰ অন্তত দিল্লী আৰক্ষীয়ে নিৰ্লজ্জভাৱে পুৱা ৪ বজাত উদয় ভানুক গ্ৰেপ্তাৰ কৰে। উদয় আৰু যুৱ কংগ্ৰেছৰ যোদ্ধাসকলক লৈ আমি গৌৰৱান্বিত। দেশৰ যুৱক-যুৱতীসকলৰ বাবে আমাৰ যুঁজ অব্যাহত থাকিব।’

এ আই সন্মিলনৰ সময়ত যুৱ কংগ্ৰেছৰ চাৰ্টবিহীন প্ৰতিবাদৰ সৈতে জড়িত চিবকে ধৰি আঠজন অভিযুক্তক এতিয়ালৈকে গ্ৰেপ্তাৰ কৰা হৈছে। কংগ্ৰেছৰ জ্যেষ্ঠ নেতা কে চি ভেনুগোপালে যুৱ কংগ্ৰেছৰ কৰ্মী-সদস্যৰ বিৰুদ্ধে দিল্লী আৰক্ষীৰ এই কাৰ্যক গৰিহণা দিয়ে।

তেওঁ কয়, ‘চৰকাৰে পাহৰি গৈছে যে প্ৰতিবাদ গণতন্ত্ৰৰ মৌলিক উপাদান, অপৰাধ নহয়। আমাৰ ভাৰতীয় যুৱ কংগ্ৰেছৰ কৰ্মীসকলে সাহসেৰে প্ৰধানমন্ত্ৰীৰ দুৰ্নীতি উদঙাই দিলে। কোনো ধৰণৰ হিংসাৰ আশ্ৰয় নোলোৱাকৈ শান্তিপূৰ্ণভাৱে প্ৰতিবাদ সাব্যস্ত কৰে। আমি দাবী জনাইছো যে তেওঁলোকৰ সকলোকে তৎকালীনভাৱে মুকলি কৰি দিয়া হওক আৰু তেওঁলোকৰ বিৰুদ্ধে থকা সকলো অভিযোগ উঠাই লোৱা হওক।’

কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ভূপেশ বাঘেলে ছচিয়েল মিডিয়া পোষ্টত প্ৰতিবাদ সাব্যস্ত কৰে। তেওঁ লিখিছে, “দিল্লী আৰক্ষীয়ে যুৱ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি ভাই উদয় ভানু চিব আৰু অন্যান্য যুৱ সহকৰ্মীক অবৈধভাৱে গ্ৰেপ্তাৰ কৰা কাৰ্যক তীব্ৰ গৰিহণা দিছো। চৰকাৰে পাহৰি গৈছে যে গণতন্ত্ৰত যুৱকসকলে কণ্ঠস্বৰ তোলা, প্ৰশ্ন কৰা আৰু প্ৰতিবাদ কৰাটো কোনো অপৰাধ নহয়, বৰঞ্চ গণতন্ত্ৰৰ আটাইতকৈ শক্তিশালী অস্ত্ৰহে।”

তেওঁ লগতে লিখিছে, “আমাৰ যুৱ কংগ্ৰেছৰ কৰ্মীসকলে কোনো ধৰণৰ হিংসা বা উচটনি নিদিকৈয়ে কেৱল শান্তিপূৰ্ণভাৱে প্ৰধানমন্ত্ৰীৰ আপোচ আৰু যুৱক-যুৱতীসকলৰ দুখ-কষ্ট প্ৰকাশ কৰিলে। এয়া আছিল এক সাহসী, বৈধ আৰু গণতান্ত্ৰিক পদক্ষেপ, যাক দমন কৰিবলৈ চৰকাৰে এতিয়া আৰক্ষীৰ দমনৰ আশ্ৰয় লৈছে। এই পদক্ষেপ কেৱল অবৈধই নহয়, মত প্ৰকাশৰ স্বাধীনতা আৰু গণতন্ত্ৰৰ ওপৰত প্ৰত্যক্ষ আক্ৰমণ।”

বাঘেলে লিখিছে, “আমি দাবী জনাইছো যে উদয় ভানু শিবকে ধৰি গ্ৰেপ্তাৰ হোৱা আই ৱাই চিৰ সকলো কৰ্মীক শীঘ্ৰে মুকলি কৰি দিয়া হওক, তেওঁলোকৰ বিৰুদ্ধে থকা সকলো ভুৱা অভিযোগ প্ৰত্যাহাৰ কৰা হওক আৰু এনে দমনমূলক পদক্ষেপ তৎক্ষণাত বন্ধ কৰা হওক। আমি যুঁজিম আৰু জয়ী হ’ম।”