NORTHEAST NOW (Assamese)
Popular Stories

নতুন ধৰণেৰে পাইথাগোৰাছৰ সূত্ৰ প্ৰমাণ দুগৰাকী স্কুলীয়া ছাত্ৰীৰ! স্তম্ভিত গণিতজ্ঞ মহল

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী April 10, 2023 5:30 pm

নতুন ধৰণে প্ৰমাণ কৰিছে পাইথাগোৰাছৰ সূত্ৰটো। এই দাবী আমেৰিকাৰ দুগৰাকী স্কুলীয়া ছাত্ৰীৰ। তেওঁলোকে দাবী কৰে যে ত্ৰিকোণমিতিৰ দ্বাৰা পাইথাগোৰাছৰ উপপাদ্য প্ৰমাণিত কৰিছে। গণিতজ্ঞসকলে ইয়াক অসম্ভৱ বুলিয়েই ভাবিছিল। সেয়ে, কণমানি দুই ছাত্ৰীৰ এই কৃতিত্বত স্তম্ভিত হৈ পৰিছে গণিতজ্ঞ মহল।

ব্ৰিটেইনৰ কাকত দ্য মেট্ৰ’ৰ প্ৰতিবেদন অনুসৰি বৰদিনৰ বন্ধৰ সময়ত ‘ব’নাছ’ প্ৰশ্নৰ উত্তৰ দিওঁতে আমেৰিকাৰ ছেইণ্ট মেৰী একাডেমীৰ দুগৰাকী ছাত্ৰী নেকিয়া জেকছন আৰু কেলছিয়া ৰুজিয়ান জনছনে পাইথাগোৰাছৰ উপপাদ্য প্ৰমাণ কৰাৰ এক নতুন উপায় আৱিষ্কাৰ কৰে।

লগতে পঢ়ক: ক্ষমা বিচাৰিলে দলাই লামাই! কিশোৰৰ ওঁঠত চুম্বন বিতৰ্কক লৈ কি ক’লে ধৰ্মগুৰুগৰাকীয়ে?

যোৱা ১৮ মাৰ্চত আমেৰিকান মেথেমেটিকেল ছ’চাইটিৰ আঞ্চলিক বৈঠকত তেওঁলোকে পাইথাগোৰাছৰ উপপাদ্য প্ৰমাণ কৰা বুলি দাবী কৰি এখন গৱেষণা পত্ৰ দাখিল কৰে। সেই বৈঠকত তেওঁলোকৰ আৱিষ্কাৰ আলোচনীখনত প্ৰকাশ কৰাৰ পৰামৰ্শ দিয়া হৈছে। অৱশ্যে এই পৰ্যন্ত কোনো নথি ৰাজহুৱা কৰা হোৱা নাই।

আমেৰিকান মেথেমেটিকেল ছ’চাইটিৰ দক্ষিণ-পূব আঞ্চলিক সন্মিলনত তেওঁলোকে দাবী কৰিছে, যিখন কিতাপত পাইথাগোৰাছৰ উপপাদ্যৰ সৰ্বাধিক প্ৰমান আছে, সেই গ্ৰন্থৰ লেখকে কৈছিল যে ত্ৰিকোণমিতিৰে পাইথাগোৰাছৰ উপপাদ্যটো প্ৰমাণ কৰাৰ কোনো উপায় নাই। কিয়নো ত্ৰিকোণমিতিৰ সকলো মৌলিক সূত্ৰ পাইথাগোৰাছৰ সূত্ৰৰ ওপৰত ভিত্তি কৰিয়েই সৃষ্টি হৈছে।

লগতে পঢ়ক: সাৱধান! ঘণ্টাৰ পিছত ঘণ্টা মোবাইল স্ক্ৰীণত চকু, বৃদ্ধি পায় মেৰুদণ্ডৰ ৰোগ; কৈছে গৱেষণাই

গণিতত পাইথাগোৰাছৰ সূত্ৰ সকলোৱে মাধ্যমিক পৰ্যায়ত পঢ়িছে। ২০০০ বছৰ পুৰণি পাইথাগোৰাছৰ উপপাদ্যত কোৱা হৈছে যে  a²+b² = c² (a = ভূমি, b = লম্ব আৰু c = কৰ্ণ)। অৰ্থাৎ অংকৰ ভাষাত ‘যিকোনো সমকোণী ত্ৰিভুজৰ কৰ্ণৰ ওপৰত অংকন কৰা বৰ্গৰ ক্ষেত্ৰফল আন দুটা বাহু (ভূমি আৰু লম্ব) অংকন কৰা বৰ্গৰ ক্ষেত্ৰফলৰ যোগফলৰ সমান।’ পাইথাগোৰাছৰ উপপাদ্যটো সৰলভাৱে ক’বলৈ গ’লে ‘লম্ব² + ভূমি² = কৰ্ণ² (a²+b² = c²)।