NORTHEAST NOW (Assamese)
অসম

উচ্চ-উচ্চতৰ মাধ্যমিকত অন্তৰ্ভুক্ত হ’ব কৃষি বিষয়ক পাঠ্যক্ৰম : দয়ানন্দ বৰগোহাঁই

Posted by: কল্পজ্যোতি শইকীয়া June 30, 2018 11:37 pm
DayanandaBorgohain

“ভাৰতৰ আন আন ৰাজ্যত কৃষিৰ ক্ষেত্ৰত যেনেকৈ গুৰুত্ব দি আগ বাঢ়িছে আমাৰ ইয়াত আগ বঢ়া নাই, কাৰণ অসমৰ মানুহে ভাবে যে বছৰটোৰ জোখাৰে খাবলৈ জুৰিলেই হ’ল।” এই মন্তব্য উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অধ্যক্ষ দয়াদন্দ বৰগোহাঁইৰ।

আজি উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ কাৰ্য্যালয়ত অনুষ্ঠিত এখন সংবাদমেলত এইদৰে কয় উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অধ্যক্ষজনে।

উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অধ্যক্ষ, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্যকে ধৰি অন্য বহুকেইজন কৃষি গৱেষক আৰু কৃষি মন্ত্ৰী অতুল বৰাৰ মাজত আজি উচ্চ-উচ্চতৰ মাধ্যমিক স্তৰৰ ছাত্ৰ-ছাত্ৰীৰ বাবে কৃষি বিষয়ক পাঠ্যক্ৰম অন্তৰ্ভুক্ত কৰাৰ ওপৰত এখন আলোচনা চক্ৰ অনুষ্ঠিত হয়।

উক্ত আলোচনা চক্ৰৰ পাছতেই এখন সংবাদমেল অনুষ্ঠিত কৰে অধ্যক্ষ দয়ানন্দ বৰগোহাঁয়ে।

“আজিৰ তাৰিখত কৃষিটো অসমত ঘৃণাৰ বস্তুৰ দৰে হৈ আছে” এইবুলি মন্তব্য কৰাৰ উপৰি তেওঁ কয়, “জনসংখ্যাৰ বিস্ফোৰণ আৰু নিবনুৱা সমস্যা দূৰীকৰণৰ বাবে কৃষিৰ ওপৰত গুৰুত্ব প্ৰদান কৰিব লাগিব।”

তদুপৰি এই সম্পৰ্কে আজি কৃষি মন্ত্ৰীৰ সৈতে এক বৈঠকত অনুষ্ঠিত কৰা হৈছে বুলি সংবাদ মেলত জানিবলৈ দিয়াৰ লগতে তেওঁ কয় “যিহেতু ৰাজ্যখনৰ ৭৫ শতাংশ লোক কৃষি ক্ষেত্ৰৰ সৈতে জড়িত তথা কৃষক পৰিয়ালৰ পৰা অহা গতিকে এই বিষয়ত যিমানখিনি উন্নয়ন কৰিব পৰা যাব, অন্য বিষয়ত পৰা নাযাব।”

তেওঁ কয়, “মই অধ্যক্ষ পদ লোৱাৰ পাছত বিদ্যালয় পৰ্য্যায়ত কৃষি বিষয়টো প্ৰশিক্ষণ ল’ব পৰা বিষয় হিচাপে অন্তৰ্ভুক্ত কৰাৰ প্ৰাৰম্ভিক আলোচনা চলাইছিলো, কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্যৰ সৈতে আলোচনা কৰা হৈছিল, যাতে ছাত্ৰ-ছাত্ৰীসকলক সজাগ কৰিব পাৰি। কিন্তু সেই ধাৰণাটো কিছু সলনি হৈছে। আজি কৃষি মন্ত্ৰীৰ সৈতে হোৱা আলোচনাত তেওঁ বিভাগীয় ফালৰ পৰা সহায় কৰাৰ আশ্বাস দিছে।”

আনহাতে, নৱম আৰু দশম শ্ৰেণীত কৃষিৰ বিষয়টো আছে কিন্তু তাক জনপ্ৰিয়কৰণ কৰা হোৱা নাই বুলি তেওঁ সংবাদ মেলত কয়।

“নৱম আৰু দশম শ্ৰেণীত কৃষি বিষয় অধ্যয়ন কৰা ছাত্ৰ-ছাত্ৰীসকলে একাদশ আৰু দ্বাদশ শ্ৰেণীত সেই বিষয় অধ্যয়ন কৰি কৃষি বিশ্ববিদ্যালয়ত পঢ়াৰ বাবে আসন পাব নে নাই?” প্ৰশ্ন কৰি তেওঁ লগতে কয় “কিন্তু এই পাঠ্যক্ৰমটো আসন লাভ কৰিবৰ বাবে উপযোগী নহয়, সেয়েহে কৃষি বিশ্ববিদ্যালয়ত পঢ়াৰ সুবিধা পোৱা নাই।”

এতিয়ালৈকে হাইস্কুলৰ শিক্ষকৰ মাজত ৬৫ গৰাকী কৃষি বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰা শিক্ষক আছে বুলি তেওঁ জানিবলৈ দিয়ে। তেওঁ লগতে কয়, “এই সংখ্যা বঢ়াই ১০০ ৰো অধিক কৰাৰ চিন্তা-চৰ্চা কৰি থকা হৈছে। উচ্চতৰ মাধ্যমিকতো এই শিক্ষকসকলক নিযুক্তি দি ক্ৰমাগতভাবে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত কৃষি বিষয়টো জনপ্ৰিয় কৰি এটা কৃষি বিষয়ক ডিপ্ল’মা ল’ব পৰাকৈ অন্তৰ্ভুক্ত কৰি তেওঁলোকক ধাৰণা দিম যে স্ব-নিৰ্ভৰশীলতাৰ বাবেহে ডিপ্লমাটো লৈছে।”

“স্ব-নিৰ্ভৰশীলতাৰ ক্ষেত্ৰত চৰকাৰেও সহায় কৰিব লাগিব, লগতে আমি ক’ৰ্পৰেট ছেক্টৰত অন্তৰ্ভুক্ত হ’ব লাগিব। কৃষিৰ ব্যৱসায়টোক জীৱিকা হিচাপে ল’ব পাৰিব লাগিব। ধৰি লওক ১০০০ বিঘা কৃষি কোনো লোকে ক্ৰয় কৰি লৈ তেওঁ বাণিজ্য আৰম্ভ কৰিব, সেই ব্যৱস্থাটো কৰিব লাগিব।” বিষয়টো সন্দৰ্ভত তেওঁ এনেদৰে নিজৰ ধাৰণা ব্যক্ত কৰে।

উল্লেখ্য যে, প্ৰত্যেক উচ্চতৰ মাধ্যমিক বিদ্যালয়ত একোখনকৈ শাক-পাচলিৰ বাগিচা পাতিব লাগিব বুলি নিৰ্দেশনা জাৰি কৰা হ’ব বুলি ঘোষণা কৰি তেওঁ কয় “বিদ্যালয়সমূহত বাৰিষা বৰষুণৰ পানী জমা কৰিব পৰা ব্যৱস্থা কৰিব লাগিব, যাতে মানুহে সেই পানী নিষ্কাশন কৰি খাব পাৰিব লগতে শাক-পাচলিতো দিব পৰা যাব।”

“এই ব্যৱস্থাৰ জৰিয়তে খেতি কৰিম নেকি, সেই লাজটো ছাত্ৰ-ছাত্ৰীসকলে ভাঙিব পাৰিব।” বৰগোহাঁইৰ মন্তব্য।

লগতে, যিসমূহ উচ্চ-উচ্চতৰ মাধ্যমিক বিদ্যালয়ত কৃষি বিষয়ক শিক্ষক আছে, সেই বিদ্যালয়সমূহত কৃষি বিষয়টো এই বৰ্ষৰ পৰাই আৰম্ভ কৰি দিব পাৰি যদিও পাঠ্যক্ৰমটো ভবা-চিন্তাৰ মাজেৰে প্ৰস্তুত কৰিব লাগিব বুলি তেওঁ সদৰী কৰে।

আনহাতে, ডিপ্ল’মা পৰ্য্যায়লৈ এই বিষয়টো কেনেকৈ লৈ যাব পৰা যায়, সেই বিষয়টো আজিৰ বৈঠকত আলোচনা কৰা হৈছে বুলি তেওঁ জানিবলৈ দিয়ে।

উল্লেখ্য যে, সংবাদমেলতে তেওঁ হস্ত-তাঁত শিল্প অন্তৰ্ভুক্ত কৰাৰ কথাটো চলি আছে বুলি উল্লেখ কৰাৰ লগতে কয়, “উচ্চতৰ মাধ্যমিক পৰ্য্যায়ত হস্ত-তাঁত শিল্পৰ প্ৰশিক্ষণটো দিয়াৰ চেষ্টা চলাই থকা হৈছে।”

ইয়াৰোপৰি আন কোনো বিষয়ৰ সলনি কৃষি বিষয়টোও ছাত্ৰ-ছাত্ৰীয়ে ল’ব পাৰিব সেই বিষয়টো চিন্তা-চৰ্চা চলাই থকা হৈছে বুলি তেওঁ সংবাদ মেলত জানিবলৈ দিয়ে।

আনহাতে, উক্ত বৈঠকৰ অন্তত কৃষি মন্ত্ৰী অতুল বৰাই সংবাদ মাধ্যমত কয় “ৰাজ্যখনত অৰ্থনৈতিক বিকাশ সম্ভৱ কৰি তুলিবলৈ হ’লে কৃষি ক্ষেত্ৰত গুৰুত্ব দিয়াৰ বাহিৰে বিকল্প নাই। কাৰণ ৰাজ্যখনত প্ৰায় ৭০ শতাংশ লোকে কৃষিৰ সৈতে জড়িত হৈ আছে, তেওঁলোকৰ কৃষিয়েই হৈছে একমাত্ৰ জীৱিকাৰ উপায়।”

“কৃষি ক্ষেত্ৰলৈ পৰিবৰ্তন অনাৰ বাবে চৰকাৰে ইতিমধ্যে ব্যৱস্থা হাতত লৈছে।” এই বুলি উল্লেখ কৰি তেওঁ কয়, “যিহেতু শিক্ষা বিভাগটো মোৰ দায়িত্বত নাই, গতিকে মই বিষয়টো সন্দৰ্ভত শিক্ষা মন্ত্ৰীৰে আলোচনা কৰিম।”