NORTHEAST NOW (Assamese)
অসম

উচ্চ ন্যায়ালয়ে পুনৰীক্ষণ কৰিব ৫,০০০ বিদেশী গোচৰ

Posted by: এন ই নাও নিউজ June 19, 2018 7:19 am
Guwahati-High-court

বিদেশী ন্যায়াধিকৰণত বিচাৰাধীন পাঁচ হেজাৰ গোচৰ পুনৰীক্ষণ কৰিবলৈ নিৰ্দেশ দিছে উৱাহাটী উচ্চ ন্যায়ালয়ে।ৰাজ্যৰ এশখন বিদেশী ন্যায়াধিকৰণৰ পৰা উক্ত গোচৰসমূহ পুনৰীক্ষণৰ নিৰ্দেশ দিছে।

বিদেশী ন্যায়াধিকৰকণে বিদেশী নহয় বুলি নিৰ্দেশ দিয়াৰ পৰিপ্ৰেক্ষিতত গোচৰসমূহ পুনৰীক্ষণৰ নিৰ্দেশ দিছে ন্যায়ালয়ে। উল্লেখ্য, গুৱাহাটী উচ্চ ন্যায়ালয়ে অলপতে বিদেশী ন্যায়াধীকৰণে দিয়া প্ৰায় ৩০০ টা ৰায়ত বিদেশী নহয় বুলি নীতিসন্মতভাৱে নিদিয়া বুলি পৃথক কৰিছিল।

এই গোচৰ কেইটাৰ ভিতৰত ১৮৮ টা গোচৰ নগাঁৱৰ জুৰীয়া, ৩০ টা নগাঁৱৰ ধিঙৰ। তদুপৰি ন্যায়ালয়ে বিদেশী ন্যায়াধিকৰণৰ ৪০০ টা নিৰ্দেশৰ তথ্য-পাতি জব্দ কৰাৰো নিৰ্দেশ দিছে। বিশেষকৈ কামৰূপ আৰু মৰিগাঁৱত এনে গোচৰ পোৱা গৈছে।

উল্লেখ্য যে ৰাজ্যিক পৰ্যায়ৰ স্ক্ৰীনিং কমিটিয়ে বিদেশী ন্যায়াধিকৰণৰ গোচৰসমূহৰ ওপৰতপৰীক্ষা-নিৰীকআ কৰি উচ্চ ন্যায়ালয়ৰ দৃষ্টিগোচৰ কতৰে।

পূৰ্বে গৃহ বিভাগে বিদেশী ন্যায়াধিকৰণৰ ১৫ গৰাকী সদস্যক কাম-কাজ সিকভাৱে আগবঢ়াই নিবলৈ নিৰ্দেশ দিছিল যাতে গোচৰসমূহৰ নিষ্পত্তি প্ৰক্ৰিয়া খৰতকীয়া হয়।